• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

4 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

6 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

7 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

8 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

9 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

9 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

10 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

11 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

11 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

12 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

13 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

14 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী

editor by editor
September 9, 2022
in জীৱনশৈলী, ভাৰত
0
মাত্ৰ ১ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল কন্যা! ২০ বছৰৰ পাছত বন্ধনৰ পৰা মুক্ত যুৱতী
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেতিয়া কন্যাটিৰ বয়স মাত্ৰ এবছৰ৷ ঘৰৰ মানুহে মাত্ৰ সেই এবছৰ বয়সতে বিয়া পাতি দিছিল কন্যাটিক। কিন্তু প্ৰাপ্তবয়স্ক বয়সত উপনীত হোৱাৰ পাছত যুৱতীগৰাকীয়ে সেই বিবাহ মানি ল’ব নোখোজে। অৱশেষত সেই বিবাহৰ পৰা মুক্তি পাবলৈ আদালতৰ কাষ চাপে।

এই ঘটনাটো ৰাজস্থানৰ৷ ৰাজস্থানৰ ৰেখা নামৰ যুৱতীগৰাকীয়ে মাত্ৰ ১ বছৰ বয়সতে তেওঁক দিয়া বিবাহ বন্ধনৰ পৰা মুক্তি লাভ কৰিছে৷ জন্মৰ পাছতে ৰেখা ককাক আইতাকৰ লগতে আছিল৷ কিন্তু সেই সময়তে ককাকৰ মৃত্যু হোৱাৰ পাছতে ৰেখাক মাত্ৰ এবছৰ বয়সতে স্থানীয় এক ল’ৰাৰ সৈতে বিবাহ কৰোৱাই দিয়া হয়৷ অৱশ্যে বিবাহৰ পাছতো ৰেখা পিতৃ গৃহতে থাকিবলৈ লয়৷

ৰেখাৰ বয়স হৈ অহাৰ পাছতে দৰা ঘৰৰ লোকে তেওঁক আনুষ্ঠানিকভাৱে তেওঁলোকৰ ঘৰলৈ লৈ যাবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে৷ শহুৰেকে ৰেখাক পুনৰ আনুষ্ঠানিকভাৱে বিবাহৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰাত ৰেখাই আপত্তি কৰে৷ এই বিবাহৰ বিৰুদ্ধে ৰেখাই পাৰিবাৰিক আদালতৰ দ্বাৰস্থ হয়৷

লগতে পঢ়ক ৯৬ বছৰ বয়সত ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু : কি কি অভিলেখ গঢ়ি গ’ল ৰাণীয়ে?

উল্লেখ্য যে ৰাজস্থানৰ কিছু অঞ্চলত বাল্যকালতে বিবাহ দিয়াৰ পাছত পুনৰ বিবাহৰ প্ৰচলন আছে৷ এই প্ৰথাক ‘গৌনা’ বুলি কোৱা হয়৷ কিন্তু ৰেখাই এই পৰম্পৰাগত বিবাহৰ বান্ধত বন্দী হৈ থাকিব নুখুজিলে৷ ইয়াৰ পৰা মুক্তি বিচাৰি ৰেখাই এটা স্বেচ্ছাসেৱী সংগঠনৰ কাষ চাপে৷

স্বেচ্ছাসেৱী সংগঠনৰ স্বত্বাধিকাৰীয়ে দাবী কৰিছে যে ৰেখাই এই বিয়াত সন্মতি নিদিয়াৰ বাবে শহুৰেকে খাপ পঞ্চায়ত স্থাপন কৰিছিল। খাপ পঞ্চায়তে সিদ্ধান্ত দিয়ে যে যদি ৰেখাই সেই বিবাহক অস্বীকাৰ কৰে তেন্তে তেওঁ ‘ক্ষতিপূৰণ’ হিচাপে ১০ লাখ টকা দিব লাগিব।

ইয়াৰ পাছতে ৰেখাই এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজস্থানৰ এখন আদালতলৈ যায়। ৰেখাৰ আবেদন গ্ৰহণ কৰি আদালতে কয় যে এবছৰ বয়সত হোৱা বিবাহ বৈধ নহয়। শুনানিত ন্যায়াধীশ প্ৰদীপ কুমাৰ মোদীয়ে স্পষ্ট কৰি দিয়ে যে এশ বছৰ ধৰি প্ৰচেষ্টা চলোৱাৰ পাছতো বাল্য বিবাহৰ দৰে প্ৰথাক নিৰ্মূল কৰাটো সম্ভৱ হোৱা নাই। সকলোৱে বাল্য বিবাহৰ বিৰুদ্ধে থিয় দিব লাগে।

লগতে পঢ়ক ৮ হাজাৰ টকীয়া চাকৰি এৰি ইউটিউবৰ পৰা মাহে ৫ লাখ টকা উপাৰ্জন বজালীৰ এক দম্পতীৰ

ইয়াৰ পিছতে ৰাজস্থানৰ আদালতে ৰেখাৰ বাল্য বিবাহ বাতিল কৰা বুলি ৰায় দিয়ে। প্ৰায় দুটা দশকৰ পাছত এটা কুসংস্কাৰী প্ৰথাৰ বন্দীত্ব জীৱনৰ পৰা মুক্তি লাভ কৰি এতিয়া সুখী ২০ বছৰীয়া ৰেখা।

প্ৰসংগক্ৰমে আদালতৰ ৰায়দানৰ দিনটো আছিল ৰেখাৰ ২১ সংখ্যক জন্মদিন। ৰেখাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ পঢ়া-শুনা কৰি নাৰ্ছ হ’ব বিচাৰে৷ ইয়াৰ পাছতহে তেওঁৰ বিবাহৰ কথা চিন্তা কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

গাৰ্হস্থ্য হিংসা, যৌন নিৰ্যাতনৰ বলি! এইবাৰ কণ্ঠশিল্পী হানি সিঙেৰে বিবাহ বিচ্ছেদ পত্নীৰ

কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

কিশোৰৰ যৌনাংগত সোমাল ইউএছবি কেবল, চিকিৎসকে অস্ত্ৰোপচাৰেৰে আনিলে উলিয়াই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.