কোনো মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তোলা মানেই সেয়া ধ্ৰুৱ সত্য বুলি ধৰি লোৱাটো ভুল৷ গুৰুত্ব দিব লাগিব অভিযুক্তৰ বক্তব্যকো৷ এই বিষয়টোক লৈ আৰক্ষীক সতৰ্ক কৰি দিলে কেৰালা হাইকৰ্টে৷ ইয়াৰোপৰি উচ্চ আদালতৰ পৰামৰ্শ, অভিযোগকাৰিণীৰ বক্তব্যৰ ভিত্তিত যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত একতৰফাকৈ কৰিব নোৱাৰিব৷
এগৰাকী মহিলা কৰ্মীয়ে তেওঁ কাম কৰা সংস্থাৰেই এগৰাকী পুৰষ কৰ্মীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল৷ থানালৈ অভিযোগ অহাৰ পাছতেই আৰক্ষীয়ে অভিযোগকাৰীণী মহিলাৰ অভিযোগৰ ভিত্তিত সংস্থাৰ ৫৭ বছৰ বয়সীয়া সেই কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ অভিযুক্তৰ দাবী আছিল তেওঁ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰা হৈছে৷ জামিনৰ আবেদন কৰি কেৰালা হাইকৰ্টৰ দ্বাৰস্ত হৈছিল অভিযুক্ত ব্যক্তি৷
অভিযুক্তৰ দাবী আছিল সংস্থাত উপযুক্ত কাম নকৰাৰ বাবে অভিযোগকাৰিণীক তেওঁ কামৰ পৰা অব্যাহতি দিছিল৷ তাৰপিছতেই প্ৰতিশোধ ল’বলৈ সেই মহিলাই থানাত ভুৱা গোচৰ ৰুজু কৰে৷ আদালতত সেই কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং জমা দিছে অভিযুক্ত যুৱকে৷ থানালৈকো গৈছিল ব্যক্তিজন৷ কিন্তু আৰক্ষীয়ে তেওঁক কোনো সহায় নকৰিলে৷
এই গোচৰৰ শুনানি চলিছে কেৰালা হাইকৰ্টৰ ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনৰ বেঞ্চত৷ সেই শুনানিত ন্যায়াধীশৰ পৰ্যবেক্ষণ, কেৱলমাত্ৰ মহিলাৰ বক্তব্যক সত্য বুলি ধৰি লোৱা নাযাব৷ তদন্তকাৰীয়ে অভিযুক্ত আৰু অভিযোগ অনা ব্যক্তি দুয়োৰে মন্তব্য ভালকৈ শুনাটো প্ৰয়োজন৷ একতৰফা বক্তব্যৰ ভিত্তিত তদন্ত আগুৱালে ভুল প্ৰভাৱ পৰিব পাৰে৷ ইয়াৰ ফলত অভিযুক্তৰ মান সন্মানৰো ক্ষতি হ’ব পাৰে৷ মিছা অভিযোগৰ কাৰণে এজন ব্যক্তিৰ যি ক্ষতি হয় সেয়া কেৱল অৰ্থ প্ৰদানৰ মাধ্যমেৰে পূৰণ কৰা নাযায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ