অসম লাইভ২৪ঃ বিশ্বকাপৰ ফাইনেলত অতীতৰ বিশ্বজয়ী অধিনায়কসকলক ব্লেজাৰ দিয়াৰ চৰ্চা চলিছে। কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ সৈতে থাকিব ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, শ্ৰী লংকা আৰু ইংলেণ্ডৰ বিশ্বকাপজয়ী অধিনায়কসকলো। কিন্তু সকলোবোৰৰ মাজত উপস্থিত নাথাকিব এজন মাত্ৰ অধিনায়ক। তেওঁ ইমৰাণ খান। পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খান এতিয়া কাৰাগাৰত। সেয়ে বিশ্বকাপৰ সকলো অধিনায়কে অষ্ট্ৰেলিয়া-ভাৰতৰ মেচ চাবৰ বাবে আহমেদাবাদত উপস্থিত হ’লেও একমাত্ৰ ইমৰাণ খান উপস্থিত নাই এই মহাৰণত।
এই মহাৰণৰ শেষতেই পূৰ্বতে বিশ্বজয়ী অধিনায়কসকলক ব্লেজাৰ দিয়াৰো পৰিকল্পনা কৰা হৈছে। এই স্পেছিয়েল ব্লেজাৰ দিবৰ বাবে ক্লাইভ লয়েড(১৯৭৫ৰ পৰা ১৯৭৯), কপিল দেৱ (১৯৮৩), এলেন বৰ্ডাৰ(১৯৮৭), অৰ্জুন ৰণতুঙ্গা(১৯৯৬), ষ্টিভ ওই(১৯৯৯), ৰিকি পণ্টিং(২০০৩-২০০৭), মহেন্দ্ৰ সিং ধোনী(২০১১), মাইকেল ক্লাৰ্ক(২০১৫) আৰু অইন মৰ্গান(২০১৯) উপস্থিত থাকিলেও (১৯৯২)ৰ অধিনায়ক উপস্থিত নাই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত।
উল্লেখ্য যে ইমৰাণ খানে খেলক বিদায় দি ৰাজনীতিত যোগ দিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰীও হৈছিল তেওঁ। তেওঁৰ বিৰুদ্ধে কৰচুৰিৰো অভিযোগ আছে। তেওঁত গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁ কাৰাগাৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ