অসম লাইভ২৪ঃ তেওঁ বিদেশিনী। বিদেশিনী হ’লেও ক্ৰিকেটৰ বাবেই তেওঁ ভাৰত ভক্ত। ২২ গজৰ দুনীয়াত টিম ইণ্ডিয়াৰ পাৰ্ফৰমেন্স দেখিয়েই ভাৰতৰ ফেন এইগৰাকী বিদেশী সুন্দৰী। দেওবাৰে বিশ্বকাপৰ ফাইনেল চলি থাকোতেই নেট দুনীয়াত ভাইৰেল হৈছে এগৰাকী আফগান সুন্দৰী। নাম ওয়াজমা আয়ুবি। ওয়াজমাৰ আশা ভাৰতে এইবাৰ তিনি নম্বৰ বাৰৰ হাতেত হাতত ট্ৰফী তুলি ল’ব। ঘৰৰ মাটিতেই হাতত বিশ্বকাপ তুলি ল’ব ৰোহিত বাহিনীয়ে। ইতিমধ্যেই খেলৰ উত্তেজনা দেশবাসীৰ মাজত। আজিৰ পৰা ঠিক ২০ বছৰ পূৰ্বে ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন আঁজুৰি অষ্টেলিয়াই হাতত তুলি লৈছিল ট্ৰফী। এই বদলা এইবাৰ ল’ব লাগিব ভাৰতে। আফগানিস্তান নিজৰ দেশ হ’লেও ওয়াজমা ভাৰতৰ ক্ৰিকেট দলৰহে অনুৰাগী। এছিয়া কাপৰ সময়তো ওয়াজমা চৰ্চালৈ আহিছিল।
বিৰাট কোহলিৰ অন্ধভক্ত এইগৰাকী আফগান সুন্দৰী। এছিয়া কাপৰ ফাইনেলত বিৰাটৰ জাৰ্ছি পিন্ধি গেলাৰীত টেটু ফালিছিল ওয়াজমাই। ওয়াজমাই এইবাৰ পিন্ধা বিশেষ জাৰ্ছী বিৰাটে এছিয়া কাপত পৰিধান কৰিছিল। জাৰ্ছিত বিৰাটৰ ছহীও আছে। ১৮ নম্বৰ জাৰ্ছিত শুভেচ্ছা জনাই বিৰাটে ছহী কৰিছিল। তাত লিখা আছে, ‘বেষ্ট ওইছেছ’। কোহলীৰ সেই নীলা জাৰ্ছী পৰিধান কৰি বিশ্বকাপ উপভোগ কৰিছে ওয়াজমাই।
এক্স হেণ্ডেলত টিম ইণ্ডিয়াক ভালপোৱাৰ কথাকৈ পোষ্ট দিছে ওয়াজমাই। মুম্বাইৰ ছেমিফাইনেলত ভাৰতৰ বেগী বলাৰ মহম্মদ ছামীৰ ৭ উইকেটত মুগ্ধ হৈ ওয়াজমাই ছামিকো বিশেষ অভিনন্দন জনাইছে। ছামীৰ উদ্দেশ্যে তেওঁ এক্স হেণ্ডেলত লিখিছে, ‘অহ মাই গড, ৭ উইকেট! কেনে অসাধাৰণ খেল।’ ক্ৰিকেট ভক্ত এই আফগান সুন্দৰী পেছাত ব্যৱসায়ী। তেওঁ বৰ্তমান ডুবাইৰ বাসিন্দা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ