নাম তেওঁৰ বেট নেছ৷ বৰ্তমান বয়স ৮৬ বছৰ৷ আমেৰিকাৰ মেছাচুটছৰ বষ্টন বাসিন্দা৷ এই বেট নেছে গঢ়িলে বিশ্বৰ এক অভাভৱনীয় অভিলেখ৷
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে এই সপ্তাহত বেট নেছক বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া আৰু বয়সস্থ বিমান পৰিচাৰিকা হিচাপে স্বীকৃতি দিছে ৷ যোৱা ৬৫ বছৰৰ পৰা এয়াৰ হোষ্টেছ হিচাপে কাম কৰি আছে বেট নেছে।
ABC NEWSৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ মেছাচুচেটছৰ বষ্টনৰ বাসিন্দা বেট নেছে যোৱা ৬৫ বছৰ ধৰি আমেৰিকান এয়াৰলাইন্সত এয়াৰ হোষ্টেছ হিচাপে কাম কৰি আহিছে। ১৯৫৭ চনত এয়াৰ হোষ্টেছ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল নেছে।
লগতে পঢ়ক অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ
চাকৰি আৰম্ভ কৰাৰ সময়ত তেওঁক নিজৰ পছন্দৰ বিমান পথ বাছি ল’বলৈ কোৱা হৈছিল যদিও নেছে তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় নিউয়ৰ্ক-বষ্টন-ৱাশ্বিংটন বিমান পথত কাম কৰি কটায়। যোৱা চাৰে ছয় দশক ধৰি তাই বিমানত কাম কৰি আছে৷
প্ৰায় চাৰে ছয় দশক বিমান পৰিচাৰিকা হিচাপে কাম কৰাৰ বাবে বহু বিমান যাত্ৰীয়ে বেট নেছক চিনি পায়৷ এজন যাত্ৰীয়ে কৈছিল যে মই বছৰি লাখ লাখ মাইল উৰাজাহাজত যাত্ৰা কৰিছো, কিন্তু বেট যিখন বিমানত থাকে সেইখন সদায়ে মোৰ শ্ৰেষ্ঠ বিমান হৈ উঠে।
বেট নেছে প্ৰথমে এই চাকৰিটো বাছি লৈ আজিলৈকে কাম কৰি থাকিল। জানিব পৰা মতে তেওঁৰ ল’ৰাটো অক্ষম, গতিকে প্ৰতি নিশাই পুত্ৰৰ যতন ল’বলৈ পুত্ৰৰ ওচৰলৈ উভতি আহে৷ এগৰাকী মহিলা হৈ বেট নেছে যোৱা ৬৫ বছৰ ধৰি কাম কৰি বিশ্ববাসীৰ বাবেই অনুপ্ৰেৰণা উৎস হৈ উঠিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ