প্ৰতি বছৰে ৪ জুলাইত জেকফ্ৰুট অৰ্থাৎ কঁঠালৰ দিৱস পালন কৰা হয়। গ্রীষ্মমণ্ডলীয় ফলটো বাংলাদেশ আৰু শ্ৰীলংকাৰ জাতীয় ফলৰ লগতে ভাৰতৰ তামিলনাডু আৰু কেৰেলাৰ ৰাজ্যিক ফল৷ অসমতো কঁঠালৰ বিশেষ আদৰ আছে। ছালখন কাঁইটযুক্ত এই ফলবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু অংশৰ স্থানীয় ফলৰূপেও স্বীকৃতিপ্ৰাপ্ত।
আজিৰ তাৰিখত এই ফল উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰা লোকসকলৰ বাবে জনপ্ৰিয় মাংসৰ বিকল্প হিচাপে জনাজাত। ইয়াত ভিটামিন আৰু এন্টিঅক্সিডেন্ট অধিক থাকে যাৰ ফলত ই যিকোনো খাদ্যৰ ক্ষেত্ৰত এক স্বাস্থ্যকৰ সংযোজন বুলিও অভিহিত কৰা হয়। কঁঠালক অন্যান্য নামৰ লগতে ‘জক,’ আৰু ‘চক্কা’ বুলিও কোৱা হয়।
JACKFRUIT DAY ৰ অৰ্থাৎ কঁঠাল দিৱসৰ ইতিহাস
মানুহে সহস্ৰাব্দৰ পৰা কঁঠালক বতৰৰ ফলৰূপে ভক্ষণ কৰি আহিছে। যদিও এই ফলটো ক’ৰ পৰা আহিল সেই বিষয়ে কোনেও সম্পূৰ্ণ নিশ্চিত নহয়, তথাপিও ই ভাৰতৰ পশ্চিম ঘাটৰ থলুৱা বুলি ধাৰণা কৰা হৈছে। চিৰসেউজ কঁঠাল গছ গৰম বতৰ আৰু আৰ্দ্ৰ গ্রীষ্মমণ্ডলীয় জলবায়ুত বেছিকৈ হোৱা দেখা যায়।
লগতে পঢ়ক কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?
১৮৭৮ চনৰ আগতে হাৱাইত এই ফলবিধৰ খেতি কৰাৰ প্ৰয়াস কৰা হৈছিল যদিও এই ফলটো এছিয়াৰ ভিতৰতে প্ৰধানকৈ উৎপাদন কৰা হয়৷ গাৰ্চিয়া দা অৰ্টাই ১৫৬৩ চনত লিখা এখন কিতাপত ইংৰাজী ‘Jackfruit’ শব্দটো ব্যৱহাৰ কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ সুবাদত সমগ্ৰ বিশ্বতে কঁঠালে পৰিচিতি লাভ কৰে বুলি কোৱা হয়৷ বৰ্তমান কেইবাখনো দেশত কঁঠাল খেতি কৰা হৈছে যিবোৰ আগতে ইউৰোপীয় সাম্ৰাজ্যৰ উপনিবেশ আছিল।
এই ফল সমগ্ৰ বিশ্বৰ ৰান্ধনীশালত কেইবাটাও ভিন্ন ৰূপত ব্যৱহাৰ কৰা হয়। জেকফ্ৰুট জাম, আচাৰ, আইচক্ৰীম, ডেজাৰ্ট, আৰু আন সকলো ধৰণৰ খাদ্য প্ৰস্তুত কৰা দেখা যায়। শেহতীয়াকৈ গ্ল’বেল নৰ্থে কঁঠালক মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।
ফলটোৰ কেইবাটাও জাত আছে, প্ৰতিটোৱেই এক অনন্য গেষ্ট্ৰ’নমিক অভিজ্ঞতা প্ৰদান কৰিবলৈ উপযুক্ত। পকা কঁঠালৰ এক বিশেষ তথা তীব্ৰ গোন্ধ থাকে৷ পকা কঁঠালৰ গোন্ধই বহু দূৰলৈকে বিয়পি পৰা দেখা যায়৷ সম্ভৱতঃ সেয়ে বহুতে ইয়াৰ পৰা হাত সাৰিবলৈ অপকোৱা কঁঠাল ক্ৰয় কৰে৷ এই ফলৰ সোৱাদক প্ৰায়ে ‘মৃদু’ বুলি বৰ্ণনা কৰা হয় আৰু ২০১৬ চনৰ পৰা ইয়াৰ বহুমুখীতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ কৰা হয়৷
লগতে পঢ়ক ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু
কঁঠালৰ কিছু উপকাৰিতা
১. শৰীৰৰ ভিতৰৰ পৰা শক্তি যোগান ধৰাত কঁঠাল অতি উপযোগী। আঁহযুক্ত কঁঠালে হজম শক্তি বৃদ্ধি কৰে। পেটটো পৰিষ্কাৰ কৰি ৰখাতো কঁঠাল অতি ফলপ্ৰসূ বুলি কোৱা হয়।
২. ভিটামিন এ আৰু বিটা কেৰটিন সমৃদ্ধ কঁঠালে চকু ভালদৰে ৰখাতো অতি ফলপ্ৰসূ। ভিটামিন এয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
৩. কঁটালত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ৰক্তকণিকাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কঁঠাল খোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ৰক্তহীনতাত ভুগি থকাসকলে কঁঠাল বেছিকৈ খোৱাটো জৰুৰী। এই ফল নিয়মিত সেৱন কৰিলে পাইল আৰু কলন কেন্সাৰৰ সম্ভাৱনাও কমি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ