এক শোকাৱহ বাছ দুৰ্ঘটনাই ম্ৰিয়মাণ কৰি তুলিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ৷ সোমবাৰে ৰাজ্যখনৰ কুল্লু জিলাৰ চেইঞ্জ উপত্যকাত এই ভয়াৱহ বাছ দুৰ্ঘটনাটো সংঘটিত হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে পুৱা ৮ মান বজাত প্ৰায় ৪৫ জন যাত্ৰী কঢ়িয়াই নিয়া চেইঞ্জ অভিমুখী বাছখনে জেংগলা গাঁৱত দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটাটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাগ্ৰস্ত বাছখন ভাঙি চুৰ্চুমৈ হৈ পৰে৷
কুল্লু জিলাৰ উপায়ুক্ত আশুতোষ গাৰ্গে কয় যে চেইঞ্জ অভিমুখী বাছখনে জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বৰ ৱাংগলা গাঁৱত এই ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে৷
লগতে পঢ়ক হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা
জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে দুৰ্ঘটনাটোৰ ফলত ১৬ গৰাকী লোক নিহত হোৱাৰ লগতে কে’বাজনো যাত্ৰী আহত হৈছে৷ নিহত যাত্ৰীসকলৰ ভিতৰত শিক্ষাৰ্থীও আছে বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে৷
উদ্ধাৰকাৰী দলে দুৰ্ঘটনাগ্ৰস্ত বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভয়াৱহ বাছ দুৰ্ঘটনাটো অতি হৃদয় বিদাৰক বুলি অভিহিত কৰি নিহত যাত্ৰীসকলৰ শোকসন্তপ্ত পৰিয়ালৰ লোকসকলৈ সমবেদনা জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে নিহত যাত্ৰীৰ পৰিয়ালবৰ্গলৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ