• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

4 years ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

11 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

12 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

12 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

14 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

14 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

15 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

16 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

17 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

17 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

18 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

18 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

editor by editor
July 3, 2022
in অসম, ভাৰত, ৰাজনীতি
0
পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ
0
SHARES
745
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ শিৱসেনাৰ গৰিষ্ঠসংখ্যক বিধায়কৰ বিসম্বাদৰ পৰিণতিত ৰাজনৈতিক সংকট সৃষ্টি হৈছিল মহাৰাষ্ট্ৰত৷ পৰৱৰ্তী সময়ত বাধ্য হৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে শিৱসেনাৰ সভাপতি তথা তদানীন্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে৷

কিন্তু মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত সদ্যপদত্যাগী মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে বহু বিস্ফোৰক তথ্য৷ ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰিছে বিজেপি নেতৃত্বৰ ওচৰত৷ চাওক উদ্ধৱ থাকৰেৰ প্ৰশ্ন৷

প্ৰশ্ন ১ – ২০১৯ত শিৱসেনাক মুখ্যমন্ত্ৰী পদ দিয়া নহৈছিল কিয়? প্ৰশ্ন ২ – ২০২২ত অবিজেপি নেতাক মুখ্যমন্ত্ৰী পদ দিয়া হ’ল কিয়?

শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত উত্থাপন কৰিছে প্ৰশ্ন৷ সেই অনুসৰি ২০১৯ত শিৱসেনাই বিজেপিৰ সমৰ্থনত মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব বিচাৰিছিল৷ কিন্তু তেতিয়া অবিজেপি নেতাক মুখ্যমন্ত্ৰী পদ দিবলৈ সন্মত হোৱা নাছিল বিজেপি৷

সেইবাবে সকলো বিকল্প বন্ধ হোৱাত শিৱসেনাই NCP আৰু কংগ্ৰেছৰ সহযোগত গঠন কৰিছিল চৰকাৰ৷ কিন্তু এতিয়া পুনৰ বিজেপিয়ে অবিজেপি নেতা অৰ্থাৎ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দেক মুখ্যমন্ত্ৰী পদ দিলে কিয়?

বিজেপিয়ে ভংগ কৰিছিল ৩০ বছৰীয়া মিত্ৰতা। মিত্ৰতা ভংগৰ আঁৰত কি ৰহস্য আছিল? ২০১৯ চনত ভংগ হৈছিল বিজেপি আৰু শিৱসেনাৰ ৩০ বছৰীয়া ৰাজনৈতিক মিত্ৰতা৷

তাৰ বাবেও উদ্ধৱ থাকৰে বিজেপি নেতৃত্বকে দোষী আখ্যা দিছে- বলিৰ পঠা হ’ল নেকি একনাথ সিন্দে? মহাৰাষ্ট্ৰত জনপ্ৰিয়তা বাঢ়িছে দেৱেন্দ্ৰ ফাড়নাৱিছৰ। মহাৰাষ্ট্ৰত অধিক ক্ষমতাশালী হ’ব কোন? একনাথ সিন্দেক ‘কাগজৰ বাঘ’ সজোৱা হ’ল নেকি?

একে সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই শিৱসেনাৰ বিসম্বাদী গোটৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে সম্পৰ্কতো যোৱা ২ জুলাইত বহু বিস্ফোৰক আৰু তাৎপৰ্যপূৰ্ণ মত প্ৰকাশ কৰিছে৷

শিৱসেনাৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত অকপটে স্বীকাৰ কৰিছে যে সম্প্ৰতি মহাৰাষ্ট্ৰৰ ৰাজনীতিত দেৱেন্দ্ৰ ফাড়নাৱিছৰ জনপ্ৰিয়তা আৰু ক্ষমতা যথেষ্ঠ বৃদ্ধি হৈছে৷

সেইবাবে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শপতগ্ৰহণ অনুষ্ঠান চলি থাকোতে গৃহমন্ত্ৰী অমিত শ্বাহে উপমুখ্যমন্ত্ৰী পদৰ দায়িত্ব ল’বলৈ দেৱেন্দ্ৰ ফাড়নাৱিছক হঠাৎ নিৰ্দেশ দিছিল৷

এই নিৰ্দেশৰ আঁৰত বিজেপিৰ বৃহৎ ৰাজনৈতিক লক্ষ্য থকা বুলিও উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ সভাপতি ৰাজ থাকৰে ৰাজহুৱাভাৱে মত প্ৰকাশ কৰাতো যথেষ্ঠ গুৰুত্বপূৰ্ণ৷ বিজেপিৰ সেই গোপন লক্ষ্য কি?

লক্ষ্য ১ – একনাথ সিন্দে গোটক বিজেপিত চামিল কৰা হ’ব। লক্ষ্য ২ – আঁৰত থাকি দেৱেন্দ্ৰ ফাড়নাৱিছে চলাব চৰকাৰ। লক্ষ্য ৩ – সিন্দে সম্প্ৰদায়ক বিজেপিৰ প্ৰতি আকৃষ্ট কৰি তোলা।

মাৰাঠী সমাজত বিশেষ প্ৰভাৱ থকা ২ নেতা ক্ৰমে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেই ৰাজহুৱাভাৱে প্ৰকাশ কৰা মতত এইটো স্পষ্ট হৈছে যে ৩টা বিশেষ লক্ষ্য লৈ বিজেপিয়ে হয়তো একনাথ সিন্দেক মুখ্যমন্ত্ৰীত্বৰ পদ দিছে৷ সেই অনুসৰি আগন্তুক সময়ছোৱাত একনাথ সিন্দে আৰু তেওঁৰ অনুগামী বিধায়কসকল বিজেপিত চামিল হোৱাৰ সম্ভাৱনা আছে৷

দ্বিতীয় লক্ষ্য হ’ল উপ মুখ্যমন্ত্ৰী হ’লেও দেৱেন্দ্ৰ ফাড়নাৱিছে হয়তো চৰকাৰ পৰিচালনা কৰিব৷ এই সম্পৰ্কত উদ্ধৱ থাকৰে কি কৈছে চাওক৷

মহাৰাষ্ট্ৰত মুঠ জনসংখ্যাৰ ৩০ শতাংশ লোক সিন্দে সম্প্ৰদায়ৰ৷ সেইবাবে এই বৃহৎ সম্প্ৰদায়টোৰ মাজত বিজেপিৰ সাংগঠনিক শক্তি মজবুত কৰিবলৈও হয়তো একনাথ সিন্দেক মুখ্যমন্ত্ৰীত্বৰ পদ দিয়া হৈছে৷ অন্য অৰ্থত একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ আঁৰত যে বিজেপিৰ বৃহৎ লক্ষ্য আছে সেইটো স্পষ্ট হৈ উঠিছে৷

অন্য অৰ্থত বঙহৰ যুঁজত জয়ী হৈ একনাথ সিন্দে কাগজৰ বাঘত পৰিণত হ’ল নেকি? অৱশ্যে আগন্তুক সময়তহে এই দৃশ্য অধিক স্পষ্ট হৈ উঠিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiassamassam bjpassam congressassam ka newsassam policeAssam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpBollywoodCongressdaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmahoroscope in assameseindianarendra-modiRATNA KUBER HOROSCOPE ADVICEsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.