কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ এজন সন্ত্ৰাসবাদী শাসকীয় ভাৰতীয় জনতা পাৰ্টি আইটিচেলৰ মূল দায়িত্বত আছিল৷ এই দাবী কৰাৰ পিছতে খবৰটোৱে সমগ্ৰ দেশৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দেশৰ সংবাদ আৰু সামাজিক মাধ্যমকো বিষয়টোৱে উত্তপ্ত কৰি ৰাখিছে৷ ইয়াৰ মাজতে শাসকীয় দল বিজেপিয়ে সংবাদ মাধ্যমৰ এই দাবী সত্য নহয় বুলি দাবী কৰিছে৷
উল্লেখ্য যে যোৱা দেওবাৰে লস্কৰ-ই-তৈবাৰ এক সন্ত্ৰাসবাদী তালিব হুছেইনক এজন সহযোগীৰ সৈতে কৰায়ত্ত কৰা হৈছিল৷ ইয়াৰ পিছতে বিজেপি নেতাৰ সৈতে ধৃত সন্ত্ৰাসবাদী তালিব হুছেইনৰ ফ’টো সংবাদ মাধ্যমত প্ৰকাশ কৰি তালিব বিজেপি আইটি চেলৰ মুৰব্বী আছিল বুলি দাবী কৰা হৈছে৷
কিন্তু বিজেপিয়ে সেই দাবীৰ সত্যতা নস্যাৎ কৰি কয় যে যোৱা দেওবাৰে কাশ্মীৰৰ গাঁওবাসীয়ে তেওঁৰ সহযোগীৰ সৈতে তালিব হুছেইনক অৱস্থিতি ধৰা পেলায়। বিজেপিৰ জম্মু-কাশ্মীৰ ইউনিটে জনোৱা মতে, তালিব হুছেইন শ্বাহৰ লগতে তেওঁৰ সহায়ক ফৈছাল আহমেদ দাৰক স্থানীয় ৰাইজেহে ধৰিছে। একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে তেওঁ বিজেপিৰ আইটি চেলৰ দায়িত্বত নাছিল।
লগতে পঢ়ক পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ
বিজেপিয়ে স্পষ্ট কৰি দিছে যে যোৱা তিনি বছৰে এই পদত অধিষ্ঠিত হৈ আছে ঈশান্ত গুপ্তা। বিজেপিয়ে টুইট কৰি কয় যে, ‘‘এই খবৰটো ভুৱা। তেওঁ বিজেপিৰ আই টি চেলৰ দায়িত্বত নাছিল। ইশান্ত গুপ্তা বিগত ৩ বছৰ ধৰি বিজেপিৰ আইটি চেলৰ দায়িত্বত আছে আৰু তাৰ আগতে জয়দেৱ ৰাজোৱাল বিজেপিৰ আইটি চেলৰ দায়িত্বত আছিল।’’
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ধৃত সন্ত্ৰাসবাদীজনক শেহতীয়াকৈ জম্মু প্ৰদেশৰ দলটোৰ সংখ্যালঘু মৰ্চাৰ আইটি আৰু ছ’চিয়েল মিডিয়া চেলৰ দায়িত্বত নিৰ্বাচিত হোৱা বিজেপিৰ এজন সক্ৰিয় সদস্য হিচাপে অভিহিত কৰা হৈছে। বিজেপিৰ জম্মু-কাশ্মীৰ ইউনিটৰ মুৰব্বী ৰবিন্দৰ ৰাইনাৰ সৈতে আৰু দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা শ্বাহে লোৱা ফ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে।
ইয়াৰে এখন ফ’টোত ৰাইনাই তেওঁক ফুলৰ থোপা দি থকা দেখা গৈছে, আন এখন ফ’টোত দলীয় নেতা শ্বেখ বছিৰে তেওঁক সংখ্যালঘু মৰ্চা (জম্মু প্ৰদেশ)ৰ নতুন আইটি আৰু ছ’চিয়েল মিডিয়া ইনচাৰ্জৰ দায়িত্ব দিয়া হৈছে বুলি কোৱা হৈছে।
লগতে পঢ়ক হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা
ইফালে বিজেপি নেতা ৰাইনাই কয় যে, ‘‘সন্ত্ৰাসবাদী তালিবে নিজকে এজন সাংবাদিক হিচাপে নিজকে চিনাকি দি আমাৰ কাৰ্যালয়ত কোনোবা এটা সময়ত মোক কেইবাবাৰো সাক্ষাৎ কৰিছিল। আমাৰ মুখ্য কাৰ্যালয়লৈ (ত্ৰিকুট নগৰ, জম্মু) অহাৰ পিছত তেওঁ দলৰ নেতা-কৰ্মীৰ সৈতে ঘনিষ্ঠ যোগাযোগ কৰিছিল। নিৰাপত্তা সংস্থাই তেওঁলোকক সেই কথা কৈছিল। শ্বাহে ৰাজৌৰী আৰু পুঞ্চ জিলাত তেওঁৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।’’
উল্লেখ্য যে অতি সম্প্ৰতি সন্ত্ৰাসবাদেৰে জড়িত থকা ব্যক্তি বিজেপিৰ সৈতে জড়িত থকাৰ এইটো দ্বিতীয় অভিযোগ৷ ইয়াৰ পূৰ্বে উদয়পুৰৰ কানহাইয়া লালৰ হত্যাত জড়িত থকা ব্যক্তিও বিজেপিৰ সৈতে সম্পৰ্ক থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ