মানুহেই হীৰা-মুকুতা, সোণ-ৰূপক আটাইতকৈ দামী বস্তু বুলি গণ্য কৰে৷ কিন্তু মানুহৰ সেই ধাৰণাক এতিয়া অসত্য প্ৰমাণ কৰিছে বিভিন্ন বস্তু তথা সামগ্ৰীৰ মূল্যই৷
কেতিয়াবা এনে কিছুমান বস্তুও চৰ্চালৈ আহে, যাৰ দাম সোণ-ৰূপ আৰু হীৰা-মুকুতাতকৈও অতি ব্যয়বহুল হয়। আৰু এনেবোৰ বস্তু বা সামগ্ৰীৰ দাম শুনি মানুহৰ চকু কপালত উঠে।
হীৰা, সোণ-ৰূপৰ দাম, ৰিয়েল এষ্টেটৰ মূল্য বেছি হ’লে মানুহৰ বাবে অস্বাভাৱিকতা একো নাথাকে৷ কিন্তু যদি কোনোবাই কয় যে এটা পানীৰ বটলৰ দাম কেবালাখ টকা! তেতিয়া বাৰু আপোনাৰ অনুভৱ কেনে হ’ব! চকু কপালত নুঠিব নে!
লগতে পঢ়ক নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ
সাধাৰণতে এটা খোৱাপানীৰ বটলৰ দাম ১৫ বা ২০ টকা। অৱশ্যে এয়াৰপৰ্টত ই এশৰ পৰা এশ পঞ্চাশ টকা হ’ব পাৰে৷
কিন্তু আজি আমি কোৱা পানীৰ বটলটোৰ মূল্য হৈছে কে’বালাখ টকাৰ। হয়, আমি ক’বলৈ যোৱা পানীৰ বটলটোৰ মূল্য হৈছে ৬৫ লাখ টকা। কিয় ইমান বেছি এই পানী বটলৰ মূল্য?
আমি ক’বলৈ লোৱা পানীৰ বটলটো হৈছে Waverly Hills 90H20 ৰ পানীৰ বটল৷ যাৰ এটাৰ মূল্য ৬৫ লাখ টকা। অৰ্থাৎ এই বটলৰ পানীৰ এটোপালৰ মূল্যও কেবা’হাজাৰ৷
আচলতে ৱেভাৰলী নামৰ এটা কোম্পানীয়ে এই পানীৰ বটলটো মুকলি কৰিছে। এই বটলৰ টুপিটো ১৪ কেৰেটৰ বগা সোণৰ পৰা তৈয়াৰ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াৰ ঢাকনিত ২৫০ টা হীৰাও ষ্টাড কৰা হৈছে। সেয়ে এই পানীৰ বটলৰ দাম ইমান বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ