অসম লাইভ২৪ঃ পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হৈছে এলন মাস্ক। এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমান ২২ হাজাৰ ৯৮০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ পৰিমান ১৯ লাখ কোটি টকা। পৃথিৱীৰ যিকোনো প্ৰান্ততেই ইচ্ছা কৰিলে ঘৰ ক্ৰয় কৰিব পাৰে এলন মাস্কে। কিন্তু এলন মাস্কৰ বৰ্তমানলৈকে কিয় নাই কোনো স্থায়ী ঠিকনা? ক’ত বাস কৰে এলন মাস্ক? কিমান বিলাসবহুল মাস্ক থকা বাসগৃহ?
মাস্কক লৈ কৌতুহলৰ অন্ত নাই। মাস্কৰ ব্যক্তিত্বৰ বাবেই তেওঁৰ কথা জনাৰ আগ্ৰহো বেছি। আপুনি শুনি আচৰিত হ’ব যে মাস্কে মাত্ৰ দুকোঠালীৰ এটা ঘৰত বাস কৰে। মাস্কৰ জীৱনী লেখক ৱাল্টাৰ ইছাকছনে তেওঁৰ বিশেষ গ্ৰন্থত মাস্কৰ জীৱন বিষয়ক সকলোবোৰ কথাই উল্লেখ কৰিছে। শেহতীয়াকৈ তেওঁ মাস্কৰ ঘৰৰ এখন ছবি শ্বেয়াৰ কৰিছে। টুইটাৰত শ্বেয়াৰ কৰা সেই বিশেষ ঘৰটোতেই মাস্ক থাকে। তেনেই সাধাৰণ বাসগৃহ। পৃথিৱীৰ সবাতোকৈ ধনী মানুহজন কিয় এনে সাধাৰণ ঘৰত থাকে? বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্ন।
লেখক ইছাকচনে জনোৱামতে, টেক্সছত থকা দুকোঠালীৰ বিশেষ ঘৰটোতেই মাস্ক থাকে। এই ঘৰটোত তেওঁ ২০২০ চনৰ পৰাই আছে। ২০২০ ৰ পূৰ্বে তেওঁ নিজৰ ৫টা বিলাসবহুল ঘৰ বিক্ৰি কৰি দিছে। এপলৰ মালিকৰো জীৱনী লিখা ইছাকচনে মাস্কৰ জীৱন সম্পৰ্কীয় কথাবোৰ সঁচায়ে কৌতুহল সমৃদ্ধ বুলিও জনাইছে। তেওঁ লগতে জনাই যে, মাস্কৰ জীৱনী ইতিমধ্যে লিখা হৈ গৈছে। সকলো ঠিকে ঠাকে থাকিলে আগন্তুক ছেপ্টেম্বৰতেই এই জীৱনী গ্ৰন্থখন মুকলি কৰি দিয়া হ’ব।
ইফালে তেওঁ উল্লেখ কৰা মাস্কৰ বাসগৃহ সচায়ে দুকোঠালীৰ নেকি সেই বিষয়ক লৈ অনুসন্ধান চলাইছিল এটা বিশেষ সংস্থাই। সংস্থাটোৱে অনুসন্ধানৰ পাছতেই উল্লেখ কৰিছে তথ্য। টেছলাৰ মালিক য’ত বাস কৰে সেই ফ্লেটটো মাত্ৰ ৩৭৫ বৰ্গফুটৰ। ৫০ হাজাৰ ডলাৰ দি তেঁও সেই ফ্লেট ক্ৰয় কৰিছে। ভাৰতীয় মুদ্ৰাত সেই ঘৰৰ দাম ৪১ লাখ টকা। লাছ ভেগাছৰ এটা ফ্লেট নিৰ্মাণকাৰী সংস্থাই এই ফ্লেট নিৰ্মাণ কৰিছে। সংস্থাটোৰ ৱেবচাইটত শ্বেয়াৰ কৰা তথ্যমতে, মাস্কে যি ফ্লেটত থাকে তাত আছে এটা বেডৰুম আৰু এটা শোৱনি কোঠা। ইয়াৰোপৰি ফ্লেটটোত এটা শৌচালয়, এটা বাথৰুম, এটা সৰু পাকঘৰ, জুই জ্বলাব পৰা ঠাই, কাপোৰ থোৱাৰ সুবিধাৰ্থে ৱাক ইন ক্লজেটৰ সুবিধা আছে। সৰু হ’লেও ফ্লেটটোত সকলো আধুনিক সা সৰঞ্জাম আছে। ফ্লেটটো জুই আৰু ভূমিকম্প নিৰোধক। ইছাকচনে মাস্কৰ ঘৰৰ ছবি টুইটত শ্বেয়াৰ কৰিছে।
টুইটাৰত শ্বেয়াৰ কৰা ছবিখনত মাস্কৰ সেই গৃহ পৰিস্কাৰ দেখা গৈছে। খুবেই কম আচবাব আছে সেই গৃহত। মেজৰ ওপৰত সুন্দৰভাৱে সজাই থোৱা আছে এখন সৰু ৰকেটৰ প্ৰতিকৃতি। এখন জাপানী তৰোৱালো আছে। ইছাকচনে পোষ্ট কৰা ছবিত মাস্কৰ পাকঘৰো দেখুওৱা হৈছে। সাধাৰণ পাকঘৰটোত কোনো বিশেষ অত্যাধুনিকতা নাই। সাধাৰণ এটা ফ্ৰিজ, অভেন আছে পাকঘৰত। মাস্কৰ শোৱনী কোঠাত আছে একাধিক ছবি। এথন বিখ্যাত বিজ্ঞান বিষয়ক গ্ৰন্থৰ বেটুপাতৰ ফটো বন্ধাই থোৱা দেখা গৈছে মাস্কৰ গৃহত। মহাকাশ বিষয়ক কথা লিখা আছে সেই বিশেষ ফটোখনত।
২০২০ চনৰ পৰাই মাস্কে তেওঁৰ সকলো ব্যক্তিগত সম্পদ বিক্ৰি কৰি দিয়ে। সম্পত্তিসমূহ বিক্ৰি কৰি দিয়াৰ পিছত মাস্কে খুবেই সাধাৰণ জীৱন অতিবাহিত কৰি আছিল। কেতিয়াবা টেছলাৰ কাৰ্যালয়ত কেতিয়াবা টুইটাৰৰ কাৰ্যালয়, কেতিয়াবা নিজৰ প্ৰাইভেট জেটৰ ভিতৰতেই নিশা কটাই মাস্কে। এটা বিজ্ঞাপনত তেওঁৰ ৫টা ঘৰ বিক্ৰিৰ বিজ্ঞাপন দি সকলো সম্পত্তিয়েই বিক্ৰি কৰি দিছিল মাস্কে।
২০২১ চনত নিজৰ একমাত্ৰ ঘৰটোও ৩কোটি ডলাৰত মাস্কে বিক্ৰি কৰি দিয়ে। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ২৪৭ কোটি টকা। সকলো হেৰুৱাৰ পাছত মাস্কে শেহতীয়াভাৱে ৫০ হাজাৰ ডলাৰত সাধাৰণ ফ্লেটটো ক্ৰয় কৰিছে। ছেপ্টেম্বৰত প্ৰকাশিত হ’বলগীয়া মাস্কৰ জীৱনীত এই সকলোবোৰ কথাই উল্লেখ আছে। মাস্কৰ শিশুকাল পাৰ হৈছিল দক্ষিণ আফ্ৰিকাত। সেই সময়য়েই তেওঁৰ পৰবৰ্তী জীৱনক বহু প্রভাৱ পেলাইছে। কেনেকৈ দক্ষিণ আফ্ৰিকাৰ অভাৱ অনাটনৰ জীৱন মাস্কে পাৰ কৰি আহিছে সেই কথাও উল্লেখ আছে জীৱনীত। অভাৱৰ জীৱনৰ পৰাই মাস্কে আজিৰ অৱস্থাত উপনীত হৈছে। এদিন এসাঁজৰ বাবে চিন্তা কৰা ব্যক্তিজন এতিয়া বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি। মাস্কৰ জীৱনৰ সমূহ উত্থান পতনৰ কথা জীৱনীখনত উল্লেখ কৰিছে লেখক ইছাকচনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ