অসম লাইভ২৪ঃ ভাৰত তথা এছিয়াৰ সকলোতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানী। এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ পৰা ঘৰ ভাড়াত ললে এগৰাকী ব্যক্তিয়ে। বিলাসবহুল ঘৰটোৰ ভাড়া কেইবা লাখো। যিয়ে আম্বানীৰ এই ঘৰ ভাড়াত লৈছে তেঁৱো কোনো এলাপেছা ব্যক্তি নহয়। তেওঁ পৃথিৱীৰ ধনীৰ তালিকাত দ্বিতীয় স্থানত আছে। মুকেশ আম্বানীৰ মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ ৰুম ভাৰাত লৈছে ব্যক্তিজনে। দীৰ্ঘম্যাদী চুক্তিত এই ঘৰ ভাৰাত লৈছে ব্যক্তিজনে। আম্বানীৰ পৰা এই ঘৰ ভাৰাত লৈছে বার্নার্ড আর্নল্টে।
আম্বানীৰ পৰা ভাড়াত লোৱা এই স্থানত louis vuittonৰ বিপনী খুলিব বাৰ্নাৰ্ডে। এই কমপ্লেক্সতেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপনীখন খুলিব বাৰ্নাৰ্ডে। মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত জিঅ’ ৱাৰ্ল্ড প্লাজাৰ ভিতৰত এই বিপনী খুলিব। ৭,৩৬৫ বর্গফুট এলেকাৰ বিশেষ ৰুমটো প্ৰায় ৯ বছৰৰ বাবে লিজত লৈছে ফৰাছী সংস্থাটোৱে। ৰিলায়েঞ্চৰ পৰা এই বিপনী ভাৰালৈ লওঁতে কিমান ধন আদায় দিব লগা হৈছে ফৰাচী সংস্থাটোৱে? প্ৰতিমাহে কিমান ভাৰা এই ৰুমৰ বিনিময়ত আম্বানীক আদায় দিব লাগিব? একাধিক প্ৰশ্ন উত্থাপন হৈছে জনতাৰ মনত।
ৰিলায়েন্সৰ ৱাৰ্ল্ড প্লাজাৰ ভিতৰত এই ৰুমৰ মাহিলী ভাড়া ৪০ লাখ টকা। কিন্তু মাহিলী ভাড়া নলয় আম্বানীয়ে। তাৰ সলনি louis vuitton সংস্থাই আয়ৰ ৬ শতাংশ মুকেশ আম্বানীক দিব লাগিব। ভাৰাতকৈ লাভ্যাংশ বেছি হ’ব সেয়ে এই সিদ্ধান্ত লৈছে আম্বানীয়ে। চুক্তিৰ ৩৬ মাহত অৰ্থাৎ তিনি বছৰত এই ভাড়া বৃদ্ধি পাব। তেতিয়ালৈ আয়ৰ পৰা ১৫ শতাংশ সংস্থাটোৱে দিব লাগিব ৰিলায়েন্সক। প্ৰতি মাহে ভাড়াৰ ওপৰিও আগন্তুক জমা ধনো দিছে ফৰাচী ফেশ্বন সংস্থাটোৱে। অন্যান্য সা সৰঞ্জামৰ বাবে আৰু ২৯ লাখ ৪৬ হাজাৰ টকা দিয়া হৈছে ৰিলায়েন্সক।
louis vuitton সংস্থাৰ মালিক হৈছে বাৰ্নাৰ্ড আৰ্নল্ট। পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তি হৈছে বাৰ্নাৰ্ড। বাৰ্নাৰ্ডৰ মুঠ সম্পত্তিৰ পৰিমান ২০ হাজাৰ ৮০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত যি ধনৰ পৰিমান হৈছে ১৭৮ লাখ কোটি টকা। ৭৮ বছৰ বয়সীয়া বাৰ্নাৰ্ডৰ প্ৰায় ৭৫ টা ফেশ্ব্যন সংস্থা, পানীয় আৰু বিলাসবহুল পণ্যৰ ব্ৰেণ্ড আছে। ফ্ৰান্সতেই জন্ম বাৰ্নাৰ্ড আৰ্নল্টৰ। বিলাসবহুল বহু ব্ৰেণ্ডৰ মালিক বাৰ্নাৰ্ডৰ কেইটামান অদ্ভুত চখো আছে। দামী সামগ্ৰী ক্ৰয় কৰাৰ চখ। ১৯৮৪ চনত তেওঁ বাৰ্নাৰ্ড এটা সংস্থা ক্ৰয় কৰিছিল। সংস্থাটোৰ নাম আছিল আগাছে-উইলত-বুছাক। ফেশ্বন হাব ক্ৰিষ্টিয়ানো ডিওৰ’ সেই সংস্থাৰ মালিক আছিল। ১ কোটি ৫০ লাখ ডলাৰৰে সেই সংস্থা ক্ৰয় কৰে বাৰ্নাৰ্ডে। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান ১২৮ কোটি। বাৰ্নাৰ্ডৰ হাতত পৰাৰ পাছতেই সেই সংস্থাটোৱে বিশেষ উত্থানো কৰিছে। তাৰপিছতেই বাৰ্নাৰ্ডে ২০২১ চনত ১৫৮০ কোটি ডলাৰত আমেৰিকাৰ গহনা নিৰ্মাতা সংস্থা টিফানি এণ্ড কোম্পানী ক্ৰয় কৰে। সেই সংস্থাটো বাৰ্নাৰ্ডে প্ৰায় এক লাখ ৩০ হাজাৰ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে।
সেই গৰাকী চৌখিন বাৰ্নাৰ্ডৰেই সংস্থা louis vuitton এ এইবাৰ মুম্বাইত বিপনী খুলিব। সেই বিপনী খুলিব লগা বিশেষ ঘৰটো তেওঁ ক্ৰয় কৰিছে এছিয়াৰ সবাতোকৈ ধনী ব্যক্তিৰ পৰা। মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমান এতিয়া প্ৰায় ৯.৪০০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমান প্ৰায় ৭ লাখ ৭৭ হাজাৰ কোটিৰো অধিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ