অসম লাইভ ২৪ঃ স্বগৃহত উপস্থিত ছহিদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ৷ মণিপুৰৰ এম্বুশ্বত প্ৰাণ হেৰুওৱা অসমৰ বীৰ ছহিদগৰাকীৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷ বাক্সাৰ থেকেৰাকুছিৰ বাসগৃহত শোকাকুল পৰিবেশৰ মাজতে শ্ৰদ্ধাঢ্জলি জ্ঞাপন কৰে হাজাৰ হাজাৰ জনতাই৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব সুমন স্বৰ্গীয়াৰীৰ৷ থেকেৰাকুছিৰ নিজ গাঁৱতে কৰা হ’ব শেষকৃত্য৷ বৰঝাৰত ছহিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই৷ বৰঝাৰৰ পৰা পোনে পোনে ছহিদগৰাকীৰ বাসগৃহত উপস্থিত হয় ইউ জি ব্ৰহ্ম, কেশৱ মহন্ত৷ দেওবাৰে ইম্ফলৰ পৰা বিশেষ বিমানেৰে অনা হৈছিল গুৱাহাটীলৈ৷ বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে যোৰহাট বিমান বন্দৰত জৰুৰী অৱতৰণ কৰা হয়৷ আজি পুৱা বৰঝাৰ পায়হি ছহিদগৰাকীৰ নশ্বৰ দেহ৷ উল্লেখ্য, ২০১১ চনত অসম ৰাইফলচত যোগদান কৰি ১০ বছৰ ধৰি দেশৰ বাবে সেৱা আগবঢ়াই শনিবাৰে মনিপুৰৰ শ্বেখান- বেহিয়াং আৰক্ষী থানা এলেকাত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ হয় সুমন স্বৰ্গীয়াৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ