কন্যাভ্ৰুণ হত্যাৰ কথা প্ৰায়েই শুনা যায়৷ পুত্ৰসন্তানৰ জন্ম নহ’লেই পত্নীৰ ওপৰত নিৰ্যাতন কৰাৰ খবৰ আহে৷ কিন্তু বিজ্ঞানে কয়, সন্তান পুত্ৰ হ’বনে কন্যা হ’ব সেয়া নিৰ্ভৰ কৰে পুৰুষৰ ওপৰতেই৷ পিতৃৰ ক্ৰমজমৰ ওপৰত এয়া নিৰ্ভৰশীল৷ পুৰুষৰ yক্ৰমজমৰ সহায়তেই কন্যা নে পুত্ৰ সন্তান জন্ম হ’ব সেয়া নিৰ্ভৰ কৰে৷ কিন্তু এই y ক্ৰমজমক লৈয়ে চিকিৎসাবিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছে৷
মানুহৰ দেহৰ প্ৰতি কোষত এযোৰকৈ চেক্স ক্ৰমজম থাকে৷ নাৰীৰ দেহত দুটা ক্ৰমজমেই এক্স ক্ৰমজম৷ আৰু পুৰুষৰ দেহত এটা এক্স ক্ৰমজম আৰু এটা ৱাই ক্ৰমজম থাকে৷ চিকিৎসা বিজ্ঞানীয়ে দাবী কৰিছে যে ডিম্বানুৰ নিষেক ঘটি, সেয়া এক্স ক্ৰমজম বহনকাৰী যে ৱাই ক্ৰমজম বহনকাৰী শুক্ৰানুৰ সৈতে মিলিত হৈছে তাৰ ওপৰতেই নিৰ্ভৰ কৰে সন্তানটো কন্যা হ’ব নে লৰা৷
প্ৰছেডিংছ অৱ দ্যা নেশ্ব্যনেল একাডেমি অৱ চায়েন্স নামৰ জাৰ্নেলত এক গৱেষণাৰ ৰিপৰ্ট প্ৰকাশিত হৈছে৷ সেই গৱেষণা পত্ৰতেই উল্লেখ আছে যে y ক্ৰমজমৰ সংকোচন ঘটিছে৷ দুবছৰ পূৰ্বে প্ৰকাশ হোৱা এই গৱেষণাপত্ৰত প্ৰকাশ পাইছে যে ধীৰে ধীৰে সংকুচিত হৈ এসময়ত y ক্ৰমজম বিলুপ্ত হৈ পৰিব৷
প্ৰফেছৰ জেনি গ্ৰেভছে বিষয়টোৰ বাখ্যা কৰি কয়, ‘অষ্ট্ৰেলিয়াৰ স্তন্যপায়ী প্ৰাণী প্লেটিপাছক পৰীক্ষা কৰি দেখা গৈছে যে XY এটা সাধাৰণ যোৰ ক্ৰমজম৷ যত সমান জিন আছে৷ ইয়াতেই মানুহৰ X ক্ৰমজমত প্ৰায় ৯০০ টা জিন আছে৷ আৰু Y ক্ৰমজমত প্ৰায় ৫৫ টা জিন আৰু প্ৰচুৰ নন কোডিং DNA আছে৷ যাৰ অৰ্থ বিগত ১৬৬ মিলিয়ন বছৰত Y ক্ৰমজমৰ বাকী জিনসমূহ নষ্ট হৈছে৷ প্ৰতি মিলিয়ন অৰ্থাৎ ১০ লাখ বছৰত প্ৰায় ৫টা জিন নষ্ট হৈছে৷ এনেকৈ চলি থাকিলে শেষ ৫৫টা জিন ১১ মিলিয়ন অৰ্থাৎ ১১০ লাখ বছৰত শেষ হৈ যাব৷ তেতিয়া পৃথিৱীত কেৱল কন্যা সন্তানৰেই জন্ম হ’ব৷
পৃথিৱীৰ পৰা শেষ হৈ যাব পুৰুষৰ অস্তিত্ব!
নতুন আশাৰ কিৰণ দেখিছে প্ৰফেছাৰ গ্ৰেভছে৷ তেওঁ কয়, ‘গৱেষণাত দেখা গৈছে যে তেতিয়া নতুন লিংগ নিৰ্ধাৰণ জিন উদ্ভাৱন হ’ব পাৰে৷ তেতিয়া বিষয়টো সহজে কৈ দিয়া সম্ভৱ নহ’ব৷ নতুন লিংগ নিৰ্ধাৰণকাৰী জিনৰ বিৱৰ্তনৰ সৈতে অসুবিধাও আছে৷ যদি পৃথিৱীৰ ভিন্ন প্ৰান্তত পৃথক পৃথক বিৱৰ্তন হয় তেতিয়া কি হ’ব? নিজকেই প্ৰশ্ন কৰিলে প্ৰফেচাৰ গ্ৰেভছে৷ ফলত আজিৰ পৰা ১১০ লাখ বছৰৰ পাছত পৃথিৱীত কোনোৱা নতুন জীৱ যদি আহে তেতিয়া হয়তো মানুহৰ চিহ্নও বিচাৰি নাপাব কিংবা ভিন্ন ভিন্ন প্ৰজাতিৰ মানুহ দেখা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ