• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইয়াণ্ডাবু সন্ধিখন…

ইয়াণ্ডাবু সন্ধিখন…

6 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

24 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

57 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

3 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

4 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

5 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

5 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ইয়াণ্ডাবু সন্ধিখন…

editor by editor
July 29, 2020 - Updated on September 3, 2020
in অসম, উত্তৰ-পূব, লেখা
0
ইয়াণ্ডাবু সন্ধিখন…
0
SHARES
944
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইয়াণ্ডাবু সন্ধিৰ বিষয়ে অসমৰ বেছিভাগ লোকেই কম-বেছি পৰিমাণে শুনিছে। আজিৰ তাৰিখতো সন্ধিখনক লৈ অসমৰ মানুহ কম-বেছি পৰিমাণে আৱেগিক হৈ উঠা দেখা যায়। অসম আৰু অসমীয়া জাতি কোনো এক দুৰ্যোগৰ সন্মুখীন হ’লে বা ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ দমন-বৈষম্যৰ বলি হ’লে জাতীয়তাবাদী শিবিৰৰ প্ৰবক্তাসকলে পোনেই সন্ধিখনৰ প্ৰসংগ অৱতাৰণা কৰে। উল্লেখ্য যে এই সন্ধিখন ইংৰাজী আৰু অসমীয়া ভাষাত লিখিত কেইবাখনো ইতিহাস বিষয়ক গ্ৰন্থত উপলব্ধ। শেহতীয়াকৈ বৈদ্যুতিন মাধ্যমতো সন্ধিখন পঢ়িবলৈ পোৱা যায়। আচৰিত কথাটো হ’ল, ইয়াণ্ডাবু সন্ধিখনক লৈ আৱেগিক হৈ পৰা অসমীয়া মানুহৰ বেছিভাগেই– এনেকি জাতীয়তাবাদী দল-সংগঠনৰ নেতা-কৰ্মীসকলেও সন্ধিখন সম্পূৰ্ণৰূপে পঢ়া নাই। এই আপাহতে সন্ধিখনৰ পূৰ্ণপাঠৰ অনুবাদ আগবঢ়োৱা হ’ল।

প্ৰথম অনুচ্ছেদঃ এটা পক্ষত মহামান্য ইষ্ট ইণ্ডিয়া কোম্পানী আৰু অন্যটো পক্ষত মহামহিম আভা (মান)ৰ ৰজা – এই দুইপক্ষৰ মাজত চিৰস্থায়ী শান্তি আৰু বন্ধুত্ব স্থাপন হৈছে।

দ্বিতীয় অনুচ্ছেদঃ মহামহিম মান ৰজাই ওচৰ-চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া ৰাজ্য কাছাৰ তথা জয়ন্তীয়াৰ ওপৰত সকলো দাবী পৰিহাৰ কৰিছে। ভৱিষ্যতেও সেইবোৰত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব। মণিপুৰ সন্দৰ্ভত চুক্তি কৰা হয় যে গম্ভীৰ সিংহই নিজৰ ৰাজ্যলৈ উভতি আহিবলৈ ইচ্ছা কৰিলে মান ৰজাই তেওঁক মণিপুৰৰ ৰজা বুলি স্বীকৃতি দিব লাগিব।

তৃতীয় অনুচ্ছেদঃ দুটা মহান জাতিৰ মাজত ভৱিষ্যতে সংঘটিত হ’ব পৰা সীমা সম্পৰ্কীয় বিবাদ অন্ত পেলোৱাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে আৰাকান, ৰামৰি, চেডুবা আৰু চেণ্ডোৱে – এই চাৰিটা বিভাগক সামৰি জয় কৰা প্ৰদেশসমূহ নিজে ৰাখিব আৰু মহামহিম মান ৰজাই এইবোৰৰ ওপৰত থকা অধিকাৰ ত্যাগ কৰিব। এতিয়াৰপৰা দুই জাতিৰ মাজত সীমা হ’ব আৰাকান পৰ্বতমালা। এই বিভাজন ৰেখা সম্পৰ্কীয় কোনো মত পাৰ্থক্য থাকিলে দুয়োপক্ষই নিযুক্ত কৰা প্ৰতিনিধিৰ দ্বাৰা মীমাংসা কৰা হ’ব। দুয়োপক্ষৰ এনে প্ৰতিনিধি সমপৰ্যায়ৰ আৰু সমমৰ্যাদা সম্পন্ন হ’ব।

চতুৰ্থ অনুচ্ছেদঃ চালৱিন নদীক চিহ্নিত সীমাৰেখা হিচাবে গণ্য কৰি ব্ৰিটিছ চৰকাৰে বিজয় সাব্যস্ত কৰা য়েৰ, টেভয়, মেৰগ্নি আৰু টেন্জেৰিক প্ৰদেশ কেইখন মহামহিম মান ৰজাই ব্ৰিটিছ চৰকাৰলৈ হস্তান্তৰ কৰিব। সীমা সৰ্ম্পকীয় বিবাদ তিনি নম্বৰ অনুচ্ছেদৰ শেষৰ পিনে উল্লেখ থকাৰ দৰে মীমাংসা কৰা হ’ব।

পঞ্চম অনুচ্ছেদঃ দুই জাতিৰ মাজত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ অকৃত্ৰিম নিদৰ্শন স্বৰূপে আৰু ব্ৰিটিছ চৰকাৰক যুদ্ধৰ ক্ষতিপূৰণ হিচাবে মহামহিম মান ৰজাই এক কোটি টকা দিবলৈ সন্মতি প্ৰকাশ কৰিছে।

ষষ্ঠ অনুচ্ছেদঃ বৰ্তমানৰ যুদ্ধত ভাগ লোৱা বা ভাগ ল’বলৈ বাধ্য হোৱা কোনো দেশী বা বিদেশী লোকৰ ওপৰত এতিয়াৰপৰা কোনোধৰণৰ হাৰাশাস্তি চলোৱা নহ’ব।

সপ্তম অনুচ্ছেদঃ দুয়োখন চৰকাৰৰ মাজত শান্তি আৰু সম্প্ৰীতিৰ ভাব ক্ৰমাৎ বৃদ্ধিৰ বাবে পৰস্পৰৰ চৰকাৰত নিযুক্ত প্ৰতিনিধিয়ে ৫০ জনীয়া দেহৰক্ষী বাহিনী ৰাখিবলৈ বা মাটি ক্ৰয় কৰিবলৈ বা যোগ্য বাসগৃহ নিৰ্মান কৰিবলৈ অনুমতি প্ৰদান কৰাত সন্মতি দিয়া হয়। তদুপৰি, দুয়োটা চুক্তিবদ্ধ জাতিৰ মাজত পাৰস্পৰিক বাণিজ্য কৰাত সন্মতি দিয়া হয়।

অষ্টম অনুচ্ছেদঃ যুদ্ধৰ আগতে দুয়োখন চৰকাৰ বা প্ৰজাই আনৰ লগত লগোৱা ৰাজহুৱা আৰু ব্যক্তিগত সকলোবোৰ ঋণ স্বীকাৰ কৰি, যেন যুদ্ধ হোৱাই নাছিল এনে জ্ঞান কৰি পৰিশোধ কৰিব। দুয়োখন চৰকাৰে যুদ্ধৰ ফলত হোৱা পৰিস্থিতিৰ সুযোগ ল’বলৈ নিবিচাৰিব। জাতিসমূহৰ সাৰ্বজনীন আইন অনুসৰি এই চুক্তি কৰা হ’ল যে মহামহিম মান ৰজাৰ অধীনস্থ এলেকাত মৃত্যু বৰণ কৰা সকলো ব্ৰিটিছ প্ৰজাৰ সম্পত্তি আইনসংগত উত্তৰাধিকাৰী অবিহনে সেই এলেকাত থকা ব্ৰিটিছ দূত বা প্ৰতিনিধিৰ হাতলৈ হস্তান্তৰিত কৰিব আৰু তেওঁ ব্ৰিটিছ আইনৰ নীতি অনুসৰি তাৰ নিষ্পত্তি কৰিব। সেইদৰে, ব্ৰিটিছৰ অধীনস্থ এলেকাত মৃত্যু বৰণ কৰা মান প্ৰজাৰ সম্পত্তি মহামহিম মান ৰজাই সৰ্বোচ্চ ভাৰত চৰকাৰক দিয়া কৰ্তৃত্ব অনুসৰি নিযুক্ত কৰিবলগীয়া প্ৰতিনিধিৰ হাতত ন্যস্ত কৰিব।

নৱম অনুচ্ছেদঃ ব্ৰিটিছ বন্দৰত মান দেশৰ নৌ বা জাহাজৰপৰা যিবোৰ কৰ-কাটল লোৱা নহয়, তেনে কৰ-কাটল মান ৰজায়ো নল’ব। ব্ৰিটিছ জাহাজৰ সা-সম্পত্তি বা ৰাদাৰ মান দেশৰ বন্দৰত নমাব বা খুলিব নালাগিব আৰু কোম্পানীৰ চৰকাৰেও তাকেই কৰিব।

দশম অনুচ্ছেদঃ বৰ্তমানৰ যুদ্ধত ভাগ লোৱা ব্ৰিটিছ চৰকাৰৰ সৎ আৰু বিশ্বস্ত মিত্ৰ মহামহিম শ্যামদেশৰ ৰজা আৰু তেওঁৰ প্ৰজাবৃন্দকো যিমান দূৰ সম্ভৱ উল্লিখিত চুক্তিত সামৰি লোৱা হ’ব।

একাদশ অনুচ্ছেদঃ এই চুক্তি কতৃত্বশীল মান দেশৰ কৰ্তৃপক্ষই অনুমোদন জনোৱাৰ লগে লগে ইউৰোপীয় বা দেশীয়, আমেৰিকান বা অন্য বন্দী ব্ৰিটিছ প্ৰজাক ব্ৰিটিছ কমিচনাৰৰ হাতত প্ৰত্যাৰ্পণ কৰিব। এই চুক্তি ‘ৰাইট্ অনাৰেৱল গৱৰ্ণৰ জেনেৰেল ইন্ কাউন্সিল’-এ অনুমোদন জনাই চাৰি মাহৰ অথবা যিমান সম্ভৱ সিমান সময়ৰ ভিতৰত মহামহিম মান ৰজাক আৰু বংগদেশৰ পৰা মানদেশীয় বন্দীসকল আহি পোৱাৰ লগে লগে ব্ৰিটিছ কমিচনাৰসকলে বন্দীসকলক যথাবিহিতভাৱে প্ৰত্যাৰ্পণ কৰিব।

স্বাঃ লাৰ্জিন্ মি-অন্-জা উংঘি স্বাঃ আৰ্কিবল্ড্ কেম্পবেল্

(ছীল মোহৰ) টি চি ৰৰ্বাটচন

চিভিল কমিছনাৰ

স্বাঃ শ্বা গুম্ উন্ অট্বুন্ এইচ্ ৱাই চেদ্স্

কেপ্টেইন ৰয়েল নেভি

অতিৰিক্ত অনুচ্ছেদঃ ব্ৰিটিছ কমিচনাৰসকলে শান্তি প্ৰতিষ্ঠাৰ বাঞ্ছা কৰি অনুচ্ছেদটো ততালিকে বলৱৎ হোৱাটো মহামহিম মান ৰজাৰ পক্ষে অসুবিধাজনক হ’ব বুলি ভাবি নিম্ন উল্লিখিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে। এই অনুচ্ছেদত লিখিত টকা কিস্তি হিচাবে আদায় দিব অৰ্থাৎ পঁচিশ লাখ টকা বা মুঠ টকাৰ এক চতুৰ্থাংশ দিয়াৰ লগে লগে সৈন্যবাহিনী ৰেংগুনলৈ গুচি যাব। আজিৰ তাৰিখৰপৰা এদিনৰ ভিতৰত ঠিক সেই পৰিমাণৰ কিস্তি দিয়াৰ লগে লগে সেনাবাহিনীয়ে মহামহিম মান ৰজাৰ ৰাজ্য এৰি গুচি যাব। বাকী টকা আজি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰপৰা দুবছৰৰ ভিতৰত বছৰেকীয়া কিস্তি হিচাবে মহামান্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ মান দেশ বা পেগুত থকা কন্সল বা ৰেছিডেণ্টৰ জৰিয়তে পৰিশোধ কৰিব।

এই চুক্তি কলিকতাৰ ফ’ৰ্ট উইলিয়ামত গৱৰ্ণৰ জেনেৰেল-ইন্-কাউন্সিলে ১৮২৬ চনৰ ১১ এপ্ৰিলৰ দিনা অনুমোদন কৰিলে।

স্বাঃ আমহাৰ্ষ্ট

কম্বাৰ মেৰে

জে এইচ হৰিংটন্

ডব্লিউ বি ৰেইলি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambritisheast india companyyandabo treaty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
বলীউডত বিবাহিত অভিনেতাৰ ওপৰত নজৰ প্ৰিয়ংকা চোপ্ৰাৰ

বলীউডত বিবাহিত অভিনেতাৰ ওপৰত নজৰ প্ৰিয়ংকা চোপ্ৰাৰ

শিৱসাগৰ বিধানসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী কোন?

শিৱসাগৰ বিধানসভা সমষ্টিত কোন দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.