অসম লাইভ২৪ঃ দক্ষিণী তাৰকা য়েছ অভিনীত ‘কেজিএফ চেপ্টাৰ১’ আৰু কেজিএফ চেপ্টাৰ ২য়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। দৰ্শকৰ বিপুল সঁহাৰিৰ পাছত এইবাৰ কেজিএফ-৩ কৰিবলৈ আগবাঢ়িছে অভিনেতাগৰাকী। অফিছিয়েল টুইটাৰ হেণ্ডেলত প্ৰযোজক সংস্থা ‘হাম্বল ফিল্মছ’ ৰ তৰফৰ পৰা দিয়া এক উল্লেখ কৰিছে এই কথা।
‘কেজিএফ চেপ্টাৰ২’ য়ে মুক্তি পাইছিল ২০২২ চনত। তৃতীয় চেপ্টাৰ মুকলিৰ কথা প্ৰকাশ পোৱাৰ পাছতেই দৰ্শকৰ মাজত চলিছে চৰ্চা। অভিনেতা য়েছ অৰ্থাৎ ৰকীক এইবাৰ কি ৰূপত দেখা যাব সেই বিষয়টোও চৰ্চিত হৈছে। কেজিএফ ৰ চেপ্টাৰ ৩তো আকৰ্ষণৰ প্ৰধান কেন্দ্ৰই হ’ব অভিনেতা যশ। ১৯৭৮ ৰ পৰা ১৯৮১ ৰ বিশেষ সময়খিনিয়েই এই ছবিৰ মুল কথা।
ৰকি চৰিত্ৰটোক প্ৰযোজকে বিশেষভাৱে আগুৱাই নিছে। কেজিএফ২ তো আছিল আকৰ্ষণীয় যুদ্ধৰ লগতে প্ৰেমো। বিশ্বজুৰি ছবিখন চৰ্চিতও হৈছিল। কেজিএফ চেপ্টাৰ ২ ত অভিনয় কৰিছিল বলীউড অভিনেত্ৰী ৰবীনা টেণ্ডনেও। ৰবীনাই কেজিএফৰ চেপ্টাৰ ৩ অচিৰেই আহিব বুলি এক সাক্ষাতকাৰত কিছুদিন পূৰ্বে উল্লেখ কৰিছে।
২০১৮ চনত কেজিএফৰ প্ৰথমটো চেপ্টাৰে মুক্তিলাভ কৰিছিল। ছবিখনৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। তৃতীয়টো চেপ্টাৰ কেতিয়া মুক্তি দিব তাৰ প্ৰকৃত তথ্য এতিয়াও সদৰি কৰা নাই কেজিএফ টিমে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ