আমাৰ শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ মাজত এটা হৈছে কিডনি৷ মূত্ৰৰ পৰা আৰম্ভ কৰি হৰমনৰ ভাৰসাম্য, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ সহ একাধিক জৰুৰী কামত এই অংগ লাগে৷ মানুহৰ শৰীৰত কিডনিৰ সংখ্যা দুটা, এটা বিকল হ’লে আনটোৱে কাম চলাব পাৰে৷ ফলত অন্যান্য অংগৰ দৰে প্ৰথম কি়ডনিৰ ক্ষতি সহজে গম পোৱা নাযায়৷ আৰু সময় থাকোতেই কিডনিৰ সমস্যা ধৰা নপৰিলে সেয়া ভাল হোৱাৰো সম্ভাৱনা কমি যায়৷ অৱশ্যে শৰীৰত ফুটি উঠা কেইটামান লক্ষণ চাই কিডনিৰ স্বাস্থ্য সম্পৰ্কে জানিব পাৰিব৷ ইয়াৰে কিছু উপসৰ্গ মুখত ফুঁটি উঠে৷
১. মুখৰ ফোলাভাৱ
কিডনিৰ সমস্যা হ’লে বহুসময়ত মুখ ফুলি উঠে৷ যাৰ বাবে মুখ স্বাভাৱিকৰ তুলনাত ডাঙৰ দেখা যায়৷ মুখৰ ফোলাভাৱ নজৰত আহিলে অৱহেলা কৰা উচিত নহয়৷ এই ক্ষেত্ৰত যিমান পাৰে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷
২. চকু চাৰিওপাশ ফুলি উঠা
বহুতৰে আকৌ চকুৰ চাৰিওপাশো ফুলি উঠে৷ ক্লান্ত অনুভৱো হৈ থাকে তেনে লক্ষণে দেখা দিলেও উপেক্ষা নকৰিব৷ এয়াও কিডনি বিকল হোৱাৰেই উপসৰ্গ হব পাৰে৷ কিডনিয়ে যেতিয়া শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব নোৱাৰে তেতিয়া শিৰাত প্ৰৱাহিত তেজত প্ৰটিন কণা বিয়পি পৰে৷ আৰু এই প্ৰটিনসমূহে চকুৰ চাৰিওপাশে জমা হৈ ফোলাভাৱ অনুভৱ কৰায়৷
৩. ছালৰ ৰঙৰ পৰিবৰ্তন
মুখৰ ছালৰ ৰং পৰিবৰ্তন, যেনে বৰণ হালধীয়া কিংবা কলা হোৱাও কিডনি বিকল হোৱাৰ লক্ষণ হব পাৰে৷
৪. শুকান ছাল
যেতিয়া কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া শৰীৰত পানীৰ ভাৰসাম্য নষ্ট হয়৷ ফলত শৰীৰ ডিহাইড্ৰেট হৈ পৰে৷ এনে পৰিস্থিতিত ছাল শুকাই যায়৷ যদি আপোনাৰ ছাল হঠাৎ কোনো কাৰণ অবিহনেই শুকাব ধৰিছে তেন্তে অৱহেলা নকৰি চিকিৎসকৰ সহায় লওক৷
৫. ছালত খজুৱতি
কিডনি বিকল হ’লে ছাল শুকাই যোৱাই নহয় শৰীৰৰ বিভিন্ন স্থান অতিকৈ শুকাই খজুৱাবলৈ ধৰে৷ যদি ছালত দীৰ্ঘ সময় ধৰি এনে খজুৱতি হৈ থাকে তেন্তে উপেক্ষা কৰা উচিত নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ