অসম লাইভ২৪ঃ ঘৰে ঘৰে সুন্দৰী যুৱতী! কিন্তু ইমান সুন্দৰী হোৱা স্বত্বেও কাৰোৱেই বিয়া হোৱা নাই। এটা অদ্ভুত চৰ্তৰ বাবেই যুৱতীসকল বিয়াত বহিব পৰা নাই। এইয়া কোনো পৌৰাণিক কথা নহয়। এইয়া ব্ৰাজিলৰ এখন গাঁৱৰ বৰ্তমানৰ বাস্তৱ। কি এনে চৰ্ত ৰাখিছে এই গাঁৱখনৰ যুৱতীসকলে?
ব্ৰাজিলৰ বিশেষ গাঁৱখনৰ মূল বাসিন্দা মহিলা। গাঁৱখনৰ ঘৰ-দুৱাৰ, বজাৰ-সমাৰ সকলো মহিলাসকলেই সামৰি ৰাখে। তাত বাস কৰা মহিলাসকলে যুগে যুগে এনেদৰে বাস কৰি আহি এতিয়া ইমানেই স্বনিৰ্ভৰশীল যে বিবাহৰ বাবে পুৰুষ বাছনি কৰোতে তেওঁলোকে ৰাখিছে বিশেষ চৰ্ত। কোনো পুৰুষে যদি গাঁৱখনৰ কোনো যুৱতীক বিবাহ কৰোৱাই তেন্তে তেওঁ গাঁৱখনৰ স্থায়ী বাসিন্দা হৈ আহিব লাগিব। অঞ্চলটোৰ যুৱতীসকলৰ কাষত নতশীৰ হৈ চলিব লাগিব। যদি এইসমূহ চৰ্ত মানে তেন্তে গাঁৱখনৰ যুৱতীয়ে বিয়াত বহিবলৈ ইচ্ছুক।
ব্ৰাজিলৰ এই সৰু গাঁও নয়েভা ডো কৰ্ডেইৰোত বাস কৰে প্ৰায় ৬০০ গৰাকী মহিলাই। ইয়াৰে ৩০০ গৰাকী অবিবাহিত যুৱতী। বিবাহৰ উপযুক্ত বয়স এতিয়াও আছে এই ৩০০ যুৱতীৰ। স্বাভাৱিকভাৱেই কোনো ৰাজকুমাৰৰ হাতত ধৰি বৈবাহিক জীৱন আৰম্ভ কৰাৰ কথা এইসকল যুৱতীয়েও ভাৱে। কিন্তু বাস্তৱ আৰু সপোনৰ মাজত আছে দূৰত্ব। বৈবাহিক স্বপ্নৰ মাজত বাধা হৈ থিয় দিয়ে গাঁৱখনত চলি অহা পৌৰাণিক নিয়মসমূহে। এককথাত ঘৰজোঁৱাই প্ৰথাৰে পুৰুষক অনাৰ চেষ্টা কৰে গাঁৱবাসীয়ে। কিন্তু কিয় ঘৰজোঁৱাই বিচাৰে যুৱতীসকলে ইয়াৰ আঁৰত আছে এটা দুখজনক কাহিনী।
১৮৯১ চনত গঢ়ি উঠিছিল এই বিশেষ গাঁৱখন। গাঁৱখনৰ মাৰিয়া চেনহোৰিনা নামৰ যুৱতীগৰাকীক বলপূৰ্বকভাৱে বিয়া দিয়া হৈছিল। কিন্তু এই বলপূৰ্বক বিয়া নামানো বুলিয়েই পুনৰ পিতৃগৃহলৈ উভতি আহিছিল মাৰিয়া। উভতি অহাৰ পিছত মাৰিয়াৰ বাবে আৰু ঠাই নহ’ল পিতৃগৃহত। পিতৃগৃহত ঠাই হেৰুৱাই মাৰিয়া কিছুদিনলৈ অনাথ হৈ থাকিল। পিছলৈ মাৰিয়াই নয়ভা ডো কৰডেইৰো গাঁৱলৈ আহি মহিলাৰ এখন গাওঁ স্থাপন কৰে। গাঁৱখনত মাৰিয়াই নতুন নিয়মো আৰম্ভ কৰে। নতুন নিয়ম অনুসৰি বিয়াৰ পিছত কোনো যুৱতীয়েই স্বামীগৃহলৈ যাব নালাগে। বিবাহৰ পিছত পুৰুষগৰাকীয়ে যুৱতীগৰাকীৰ ঘৰলৈ স্থায়ীভাৱে আহিব লাগিব। সদায়ে যুৱতীগৰাকীয়েই কিয় বিবাহৰ নামত ঘৰ ত্যাগ কৰিব লাগে তাৰেই প্ৰতিবাদ জনাই এই প্ৰথা আৰম্ভ কৰিছিল মাৰিয়াই। যুগৰ পিছত যুগ ধৰি বান্ধি ৰখা এই পুৰুষতন্ত্ৰৰ শিকলি উফৰাই পেলাবলৈকে এই প্ৰথা বুলি মানি আহিছে গাঁৱখনৰ যুৱতীসকলে।
উল্লেখ্য যে যদিও গাঁৱখনৰ ৩০০ যুৱতীয়ে এই প্ৰথা ধৰি ৰাখিছে কিন্তু প্ৰায়সংখ্যক পুৰুষে আজিও এই প্ৰথা মানিবলৈ প্ৰস্তুত হৈ উঠা নাই। যাৰবাবে গাঁৱখনৰ অধিকাংশ ছোৱালীয়েই আজিও অবিবাহিত হৈয়েই ৰৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ