অনলাইন পেমেণ্ট কৰাৰ সময়ত প্ৰতিবাৰেই OTPৰ বাবে অপেক্ষা কৰা, তাৰপিছত টাইপ কৰা আদি সমস্যা অতীত হব। ফেডাৰেল বেংকে এক পৃথক উদ্যোগ গ্ৰহণ কৰিছে। ভাৰতত প্ৰথমবাৰৰ বাবে এনে এক সুবিধা আৰম্ভ হৈছে যত যিকোনো গ্ৰাহকে কেৱল তেওঁলোকৰ ফেছ আইডি বা আঙুলিৰ চাপ দিয়েই ই কমাৰ্ছ পেমেণ্ট কৰিব পাৰিব। অৰ্থাৎ, এতিয়া কোনো অ টি পি অবিহনেই আঙুলিৰ এটা স্পৰ্শতেই পেমেণ্ট কৰিব পাৰিব।
এই সুবিধাই কেৱল দ্ৰুত পেমেণ্টই নকৰে, বৰং সুৰক্ষাৰ দিশৰ পৰাও আৰু সুৰক্ষিত কৰিব পেমেণ্ট ব্যৱস্থাক। ফেডাৰেল বেংকে জনাইছে যে, গ্ৰাহকৰ এক মসৃণ, সুৰক্ষিত আৰু ভৱিষ্যতৰ বাবে আৰু উন্নত ডিজিটেল অভিজ্ঞতা দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
OTP অবিহনে কেনেকৈ পেমেণ্ট কৰিব?
প্ৰথমবাৰ পেমেণ্ট কৰাৰ সময়ত চিষ্টেমে সুধিব যে আপুনি OTPৰ সমস্যাৰ পৰা মুক্তি পাব খোজে নেকি, য়েছ বুলি দিয়াৰ পাছতেই মোবাইলত আপোনাৰ আঙুলিৰ চাপ বা ফেচ আইডিৰ অপশ্ব্যন খোল খাব। বায়োমেট্ৰিক দিয়াৰ অনুমতি দিয়ে আপোনাৰ মোবাইলত এটা পপআপ আহিব, তাতেই আপোনাৰ আঙুলিৰ চাপ বা ফেছ আইডিৰ দিয়াৰ অপশ্ব্যন পাব। মাত্ৰ এটা স্পৰ্শ বা এক নজৰতেই আপোনাৰ চিষ্টেম আৰম্ভ হৈ পৰিব।
এই ব্যৱস্থাত লেনদেন দুটা ক্লিকতেই সম্পন্ন হব। এই বৈশিষ্ট্যৰ বাবে Paytm, PhonePe, Google Payৰ দৰে এপসমূহ Android 5.0+ আৰু iOS 13.0+ ডিভাইছত উপলব্ধ। এই সুবিধা ধীৰে ধীৰে অন্যান্য মাৰ্চেণ্ট এপসমূহতো প্ৰয়োগ কৰা হব। যজি কেতিয়াবা বায়োমেট্ৰিক চিনাক্তকৰণ ব্যৰ্থ হয় তেতিয়া বেংকে OTP পঠিয়াই অৰ্থ লেনদেন সম্পূৰ্ণ কৰাৰ বিকল্প দিব।
ফেডাৰেল বেংকৰ এই সুবিধা সম্পূৰ্ণৰূপে আৰ বি আইৰ নিয়মৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। যত আপোনাৰ মোবাইল বায়োমেট্ৰিক নিশ্চিতকৰণ দ্বিতীয় ফেক্টৰ হৈ উঠে। ফিংগাৰপ্ৰিণ্ট বা ফেছ আইডিৰ দৰে প্ৰযুক্তিৰ চুৰি কৰা প্ৰায় অসম্ভৱ। সেই কাৰণেই কাৰ্ড কেলেংকাৰী আৰু ছিম ক্লোনিংৰ দৰে সমস্যা দূৰ হব। ব্যৱসায়ীসকলৰ বাবে এটা সহজ SDK উপলব্ধ, যি এপ ইনষ্টল কৰে তাতেই গ্ৰাহকক দ্ৰুত, নিৰাপদ আৰু নিৰ্বিঘ্নে অৰ্থপ্ৰদানৰ সুবিধা দিয়া হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















