অসম লাইভ২৪ঃ পাপৰিৰ পাছত এইবাৰ লাবুমনি। পাপৰি কলিতাক আৰক্ষী বিভাগৰ পৰা নিলম্বন কৰাৰ পাছতেই সামাজিক মাধ্যমত একাংশ সচেতন ইউজাৰে আঙুলিয়াই দিছিল আন এজন ইউটিউবাৰক। ইউটিউবাৰ শিক্ষক লাবুমনিয়েও অনলাইন জুৱাৰ বিজ্ঞাপন নিজা কনটেন্টৰ সৈতে শ্বেয়াৰ কৰি অহাৰ একাংশ স্ক্ৰিণশ্বট ভাইৰেল হৈছিল সামাজিক মাধ্যমত। সামাজিক মাধ্যমত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত এইবাৰ লাবুমনিলৈ শিক্ষাবিভাগে জাৰি কৰিছে বিশেষ জাননী। ১ জুনৰ ভিতৰত লাবুমনিয়ে দিব লাগিব জাননীৰ উত্তৰ।
চৰকাৰী নীতি-নিয়ম উলংঘা কৰি অনলাইন জুৱাৰ প্ৰচাৰ কিয় চলাইছে শিক্ষকে? উত্তৰ লাগে শিক্ষা বিভাগক। কামাণ্ডো পাপৰি কলিতাৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পিছত চৰকাৰী প্ৰাথমিক শিক্ষক লাবুমণিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছিল সৰ্বত্ৰতে।
উল্লেখ্য যে লাবুমনি মৰিগাঁও জিলাৰ আহঁতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। ১৯৩৯চনতে স্থাপিত এই প্ৰাথমিক স্কুলখনৰ শিক্ষক হৈও লাবুমণিয়ে দীৰ্ঘদিন ধনৰ বিনিময়ত চলাই গৈছে অনলাইন জুৱাৰ প্ৰচাৰ। ফেছবুক আৰু ইউটিউবৰ প্ৰায়বোৰ ভিডিঅ’ৰ কেপচনত লাবুমণিয়ে গেমৰ লিংক দি কেনেকৈ ৰেহাই মূল্যত খেলিব পাৰি তাৰ কিটিপো প্ৰদান কৰি আহিছে নিজৰ প্ৰম’ কোড ব্যৱহাৰ কৰি ন শিকাৰুসকলে কেনেকৈ এই জুৱাৰ জগতত প্ৰৱেশ কৰিব পাৰিব তাৰ বাবেও দিহা প্ৰদান কৰে এই ইউটিউবাৰ শিক্ষক লাবুমণিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















