এদিন চাইকেলখন লৈ নলবাৰী চহৰ দেখুওৱাইছিল লৰাজনে। নলবাৰীৰ কথিত অসমীয়াত তেওঁ কৈ গৈছিল কথাবোৰ। তাৰপিছত তেওঁ নিজেই স্বীকাৰো কৰিছিল এই ভিডিঅটোনো কেইজন মানুহে চাব! নাচালেও কথা নাই নিজেই স্মৃতি হিচাপে কেতিয়াবা স্মৃতি ৰোমন্থন কৰিম। উভতি চাম এই সময়ক। তেওঁ উভতি চাব লগা নহ’ল। দোপতদোপে আগুৱাই গৈ থাকিল। আজি ইউটিউবৰ জগতত সকলোৰে চিনাকী সেই লৰাজনেই ডিম্পু বৰুৱা। অসমৰ ইউটিউবাৰসকলৰ ভিতৰত ব্যতিক্ৰম ডিম্পু। ডিম্পুৰ প্ৰায়সমূহ ভিডিঅ’ ই সমাজলৈ কঢ়িয়াই একোটা বাৰ্তা। যাৰবাবে সমালোচনা কৰা একোজনেও ডিম্পুৰ ব্লগ এবাৰলৈ হ’লেও খুলি চায়।
শেহতীয়াভাৱে ডিম্পুৱে শ্বেয়াৰ কথা এটা ভিডিঅ’ই মন চুই গৈছে বহুতৰে। সামাজিক মাধ্যমত ডিম্পুৰ চৰ্চা চলিছে। ইউটিউবাৰ বহু ওলাইছে, শাক,ভাত খোৱাৰ ভিডিঅ’ৰে মিলিয়ন ভিউজ অৰ্জন কৰিছে যদিও ডিম্পুৱে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে দিছে অন্য বাৰ্তা। নলবাৰীৰ ঘগ্ৰাপাৰাৰ এখন পূজাস্থলীৰ পৰা ডিম্পুৱে এটা ব্লগ বনাইছে। য’ত ডিম্পুৱে বাৰে বাৰে কৈছে, অসমত সম্প্ৰীতিৰ বান্ধোন জীয়াই আছে। কিয়নো অনুষ্ঠিত জগদ্ধাত্ৰী পূজাখন হিন্দুৰ সমান্তৰালকৈ মুছলমানেও পূজাভাগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই। পুৰণি এই পূজাখনে হিন্দু মুছলমানৰ সম্প্ৰীতি জীয়াই ৰাখিছে। ওতঃপ্ৰোতভাৱে মুছলমান পৰিয়ালসমূহেও এই কাৰ্যত সহযোগ কৰিছে।
ডিম্পুৱে তেওঁৰ ভিডিঅ’ এই সহযোগিতাৰ কথা দোহাই দি কয় যে হিন্দু মুছলমান কৰি থাকি সমাজন ভুল বাৰ্তা প্ৰচাৰ কৰাতকৈ এনেবোৰ বাৰ্তা দিয়ক যিয়ে সমাজ নাভাঙে। সমাজক শৃংখলাবদ্ধ, শান্তিপূৰ্ণ কৰি ৰখাত সহায় কৰে। ধৰ্ম হিন্দু, মুছলমান যিয়েই নহওক কিয় আগতেই আহে মানৱ ধৰ্মহে বুলি তেওঁৰ ভিডিঅ’ ত উল্লেখ কৰা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















