অসম লাইভ২৪ঃ টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ যুৱৰাজ সিং। যুৱৰাজ সিঙে আকৌ এবাৰ দিছে সুখবৰ। দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল যুৱৰাজ সিং। যুৱৰাজ আৰু হেজেলৰ মাজলৈ আহিল এগৰাকী কন্যা সন্তান। বিবাহৰ ৭ বছৰ পাছত দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল যুৱৰাজ। ক্ৰিকেটাৰ যুৱৰাজে নিজেই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই সুখবৰ।
ফটোখন শ্বেয়াৰ কৰি যুৱৰাজে লিখিলে হৃদয়স্পৰ্শী শাৰী
যুৱৰাজ সিঙে সদ্যোপ্ৰাপ্ত কন্যা শিশুৰ ফটোখনৰ সৈতে দিছে বিশেষ কেপশ্ব্যন। তেওঁ লিখিছে, ‘নিদ্ৰাহীনতাৰ নিশাবোৰো এতিয়া প্ৰিয় হৈ পৰিছে। নিদ্ৰাহীনতাক উপভোগ কৰিছো। আমাৰ মাজলৈ ৰাজকুমাৰী আহিছে। ৰাজকুমাৰী আৰা তোমাক এই পৃথিৱীলৈ স্বাগতম জনাইছো। এই ফটোখন দেখা মাত্ৰকেই এতিয়া বহুজনেই যুৱৰাজক অভিনন্দন জনাইছে।
২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল যুৱৰাজ-হেজেল
যুৱৰাজ সিং আৰু হেজেল কিচে ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পূৰ্বে তেওঁলোক বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কতো আছিল। পাছলৈ এই প্ৰেমক দুয়োৱে বিবাহৰ ৰূপ দিলে। গোৱাৰ টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ যুৱৰাজ আৰু ভাৰতীয় বংশোদ্ভুতৰ অভিনেত্ৰী হেজেলৰ বিবাহ সম্পন্ন হয়। তেওঁৰ বিবাহৰ অনুষ্ঠানত বিৰাট কোহলী, জাহিৰ খানকে ধৰি কেইবাজনো তাৰকা খেলুৱৈ উপস্থিত থাকে।
২০২২ চনত প্ৰথম সন্তানৰ পিতৃ হৈছিল যুৱৰাজ
যুৱৰাজ সিং আৰু তেওঁৰ পত্নী হেজেলৰ মাজলৈ প্ৰথমটো সন্তান আহিছিল ২০২২ চনত জানুৱাৰী মাহত। প্ৰথম সন্তানটোৰ নাম আৰিয়ান। তাৰপিছতেই এইবাৰ দ্বিতীয়গৰাকী কন্যা সন্তান যুৱৰাজ আৰু হেজেলৰ মাজলৈ আহিছে। কিন্তু ক’ত কেতিয়া কন্যা সন্তানটিৰ জন্ম সেই কথা এতিয়াও প্ৰকাশ কৰা নাই হেজেল-যুৱৰাজে। প্ৰথম সন্তানটোৰ জন্মৰ ১৭ মাহৰ পাছতেই দ্বিতীয় সন্তানটোৰ জন্মক লৈ এতিয়া বহুতেই চৰ্চাও চলোৱা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ