জুবিন গাৰ্গে কিছু বছৰৰ পূৰ্বে এক মঞ্চত কৈছিল, গৰিমাৰ ভূমিকাৰ কথা৷ গৰিমাৰ অস্তিত্ব তেওঁৰ জীৱনত কিমান সেই কথা তেওঁ স্বীকাৰ কৰিছিল৷ তেওঁৰ সৈতে প্ৰায় প্ৰতিখন মঞ্চতেই গৰিমা থাকে৷ গোলাঘাটৰ বিহুৰ এক অনুষ্ঠানত জুবিনে হাঁহি হাঁহি কৈছিল, গৰিমা আৰু মই একেঠাইলৈকে আহিছো যদিও বেলেগ বেলেগ বাহনত আহিছো৷ মই মানে য’তে ত’তে ৰৈ দিও, সেয়ে গৰিমাই বেয়া পায়৷ তাইক কৈছো তুমি বেলেগ গাড়ীত আহা৷ উপাই নাই৷’
সেই জুবিনেই এক টেলিভিছন সাক্ষাৎকাৰত কৈছিল, ‘গৰিমা মোৰ দুখৰ দিনৰ লখিমী৷’ জুবিনৰ সেই কথা যেন প্ৰতীয়মানো হৈ আহিছে জীৱিত কালত লগতে বৰ্তমান সময়তো৷ স্বামী জুবিন আৰু নাই, তেওঁৰ আদৰৰ গল্ডি আৰু এই পৃথিৱীত নাই সেই কথা তেওঁ বহু সময়লৈ বিশ্বাসেই কৰিব খোজা নাছিল৷ বাৰে বাৰে কৈছিল, প্ৰাৰ্থনা কৰি আছো মই, গল্ডি আছ, সি যেন উশাহটো লৈ থাকে প্ৰাৰ্থনা কৰক৷’
বিশ্বাস কৰিব নোখোজিলেও এয়াই জীৱনৰ চৰম সত্য৷ সেই কথা বিগত দুদিনত যেন গৰিমাই বুজি উঠিছে৷ চকুপানীৰে বাট নেদেখা গৰিমাৰ কাষত থিয় দিছে অসমবাসী, নাই কেৱল তেওঁৰ আদৰৰ মানুহজন৷ যাৰ হাতত ধৰি এদিন গৰিমা ওলাই আহিছিল গোলাঘাটৰ বিশেষ ঘৰখনৰ পৰা, সেই গৰিমাই আজি হাতখন ধৰিবলৈ তেওঁ কফিনত আৱদ্ধ হৈ আহিছে৷ শেষ উশাহত তেওঁ প্ৰিয় পুৰুষজনক কাষত নাপালে, আজি জুবিন উভতিছে মাতৃভূমিলৈ নিষ্প্ৰাণ হৈ৷ অসমবাসীয়ে অভিমান কৰিছে, এনেকৈতো আপোনাৰ যোৱাৰ কথা নাছিল৷ অভিমানতকৈ উৰ্ধত ভালপোৱা, অপেক্ষা৷ গৰিমাই জুবিন দিল্লী পোৱাৰ বাতৰি লাভ কৰাৰ কিছু সময়ৰ পাছতেই ঢাপলি মেলিছিল বৰঝাৰ বিমানবন্দৰলৈ৷ প্ৰিয় পুৰুষজন আহি আছে, তেওঁৰ গল্ডি আহি আছে৷ কেনেকৈ ঘৰত থাকিব তেওঁ৷
চিৰপৰিচিত সৰলতাৰে ভৰা মানুহগৰাকীয়ে স্বামীক আদৰি আনিছে৷ স্বামীৰ কফিনক সাবটি তেওঁ কান্দোনত ভাঙি পৰিছে৷ কাৰণ তেওঁৰ গল্ডি এনেকৈ উভতি অহাৰ কথা নাছিল৷ তেওঁ গল্ডিক কাহিলীপাৰাৰ ঘৰলৈকে লৈ আহি আছে৷ এম্বুলেন্সত কফিনৰ কাষত বহি কাহিলীপাৰালৈ আহি আছে গৰিমা৷ গৰিমাৰ মনত চলি থকা এই ধুমুহাজাকৰ উমান হয়তো সকলোৱেই অলপমান হলেও অনুমান কৰিছে৷ সত্যক মানি গৰিমা আগুৱাইছে৷ জুবিন নাথাকিলেও জুবিনবিহীন গৰিমাৰ কাষত এতিয়া থিয় হৈ আছে অসমৰ লাখ লাখ জনতা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















