জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ আজি ছমাহ সম্পূৰ্ণ হ’ল। এতিয়াও অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান দিব পৰা নাই। কিন্তু কৰ’নাৰ্ছ কৰ্টে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ৰায়দানৰ শেহতীয়া বিবৃতিত প্ৰকাশ কৰিছে।
ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টে প্ৰদান কৰা মতে জুবিন গাৰ্গৰ মৃত্যু আছিল স্বাভাৱিক। জুবিনৰ কোনো সতীৰ্থই পানীত ঠেলি দিয়াৰ প্ৰমান পোৱা নগ’ল। অৱশেষত প্ৰমাণিত হৈছে যে হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ। দুৰ্ঘটনাবশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিনৰ। কৰনাৰ্ছ কৰ্টে নস্যাৎ কৰিলে জুবিন হত্যাৰ অভিযোগ। ন্যায়াধীশ আদাম নাখুডা বিচাৰপীঠে এই ন্যায় প্ৰদান কৰিছে। ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ সৈতে সহমতত উপস্থিত হৈছে বিচাৰপীঠ। কেইবাটাও শুনানিৰ অন্তত পানীত ডুবি মৃত্যু হৈছিল বুলি ক’ৰণাৰ্ছ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে।
এতিয়া সকাহ পাব নেকি জুবিন হত্যাৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থই, সেয়া সময়ত লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















