• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

6 months ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 minutes ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

9 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

9 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

10 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

11 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

12 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

12 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

12 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

13 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

14 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

14 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক'ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

editor by editor
October 7, 2025
in জীৱনশৈলী
0
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ মৃত্যু আজিও সন্দেহৰ আৱৰ্তত। SIT য়ে এজনৰ পাছত আনজনক জেৰা চলাই আছে। জেৰাৰ মাজতেই কেতবোৰ তথ্য প্ৰকাশো পাইছে। শেহতীয়াকৈ জেৰাৰ অন্তত অহা খবৰ অনুসৰি জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী আছিল। সেই দেহৰক্ষী দুজনকো চিআইডিয়ে মাতি সোধপোছ কৰিছে। জুবিন গাৰ্গৰ সৈতে থকা দুজন দেহৰক্ষীৰ এজন বৰা আৰু আনজন বৈশ্য। দুয়োগৰাকীয়ে চৰকাৰী দেহৰক্ষী। এই দুইগৰাকী দেহৰক্ষীক আলফাই জুবিনক ভাবুকি দিয়াৰ সময়ত নিয়োগ কৰা হৈছিল। তেতিয়াৰে পৰা অসম আৰক্ষীৰ দুই জোৱান জুবিনৰ সৈতে নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল। প্ৰথমে জুবিনৰ সৈতে এছকৰ্ট গাড়ীও দিয়া হৈছিল। পাছলৈ সেয়া অৱশ্যে উঠাই দিয়া হল। কিন্তু বৰা আৰু বৈশ্য জুবিনৰ সৈতে প্ৰতিসময়তে ছাঁৰ দৰে আছিল। জুবিনৰ প্ৰতিটো অনুষ্ঠানতেই বৰা আৰু বৈশ্য় জুবিনৰ সৈতে একেলগে যায়।
সেই বৰা আৰু বৈশ্যকেই চিআইডিয়ে তলব কৰোতে পোহৰলৈ আহিছে বিশেষ তথ্য। বৈশ্য আৰু বৰাৰ একাউণ্ট পৰীক্ষা কৰোতে আচৰিত হৈছে তদন্তকাৰী বিষয়াও। ইমান টকাৰ বিত্তীয় লেনদেন কেনেকৈ সম্ভৱ। জুবিন গাৰ্গৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ একাউণ্টত প্ৰায় ১ কোটি টকাৰ লেনদেনৰ তথ্য় লাভ কৰিছে চিআইডিয়ে। এজনৰ একাউণ্টত ৪০ লাখৰ লেনদেন আৰু আনজনৰ একাউণ্টত প্ৰায় ৬০ লাখৰ লেনদেনৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে। এই বিত্তীয় লেনদেন দেখি বৰা আৰু বৈশ্য দুয়োজনকে পৃথকে পৃথকে জেৰা চলাই চিআইডিয়ে। তেতিয়াই বৰা আৰু বৈশ্যই দিয়া তথ্য অনুসৰি এই ধন জুবিনেই তেওঁলোকৰ একাউণ্টত ৰাখিছিল। কাৰণ জুবিনৰ কোনো ফোন পে, গুগল পে ৰ দৰে অনলাইন লেনদেনৰ ব্যৱস্থা নিজৰ ফোনত নাছিল। জুবিনে এই সম্পৰ্কে পূৰ্বেও এই সম্পৰ্কে এক ইণ্টাৰভিউত জনাইছিল।
জুবিনে বিহু ফাংচনৰ পৰা আৰম্ভ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। বছৰেকৰ প্ৰতিটো মাহত জুবিনৰ দুই-তিনিটা অনুষ্ঠান থাকে। একো একোটা অনুষ্ঠানৰ নামত জুবিনে লয় ৬ লাখৰ পৰা ৮ লাখ টকা। এই টকা কিন্তু জুবিনে পোনে পোনে নাপায়। টকা লয় সিদ্ধাৰ্থই। পৰৱৰ্তী সময়ত এই টকাৰে নিৰ্দিষ্ট অংশ ভগাই দিয়া হয় বাদ্যযন্ত্ৰীসকলৰ মাজত। একো একোজন বাদ্যযন্ত্ৰীয়ে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা একো একোটা অনুষ্ঠানৰ নামত লাভ কৰে। পৰৱৰ্তী সময়ত জুবিনে উপাৰ্জন কৰা এই ধনৰ হিচাপ সিদ্ধাৰ্থই জুবিনক দিয়ে। সাধাৰণতে এই টকা সিদ্ধাৰ্থৰ লগত জমা থাকে। কিবা বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হ’লে জুবিনৰ নিৰ্দেশত সিদ্ধাৰ্থই ধন উলিয়াই দিয়ে। প্ৰয়োজন হ’লে গৰিমায়ো সিদ্ধাৰ্থৰ পৰা ধন বিচাৰে।
তেনে অৱস্থাত জুবিনৰ দেহৰক্ষী বৰা আৰু বৈশ্যৰ লগত চাৰি-পাঁচ বছৰৰ ভিতৰত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল?জুবিনে ষ্টুডিঅ’ত বিভিন্নজনৰ বাবে গান গায়। থিয়েটাৰৰ বতৰত প্ৰতিখন থিয়েটাৰৰ দুই-তিনিটাকৈ গান গায় জুবিনে। শেহতীয়াভাৱে একো একোটা গানৰ বিনিময়ত জুবিনে ৫০ হাজাৰ টকা পৰ্যন্ত পায়। প্ৰযোজকসকলে জুবিনে গোৱা গানৰ বিনিময়ত নগদ ধন জুবিনৰ হাতত দিয়ে। জুবিনে লগে লগে এই ধন দিয়ে বিশ্বাসী দেহৰক্ষী বৈশ্য বা বৰাক। দুয়োকে ধন নিজৰ একাউণ্টত জমা ৰাখিবলৈ কয়। জুবিনৰ ষ্টুডিঅৰ বাহিৰত সদায় দুই-তিনিজন মানুহ ৰৈ থাকে। হাতে হাতে থাকে দৰ্খাস্ত। কাৰোবাক চিকিত্সাৰ বাবে পইচা লাগে, কাৰোবাক উচ্চ শিক্ষাৰ বাবে পইচা লাগে। জুবিনৰ ওচৰলৈ আহি এওঁলোকে কান্দে। জুবিনে লগে লগে বৈশ্য বা বৰাক ধন গুগল পে’ কৰি দিবলৈ নিৰ্দেশ দিয়ে।
প্ৰতি মাহে জুবিনে বিভিন্নজনক ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকা পৰ্যন্ত ধন গুগল পে’যোগে আদায় দিয়ে। দুয়োৰে একাউণ্টত দেখা গ’ল বিভিন্ন সময়ত তেওঁলোকে গুগল পে’যোগে বিভিন্নজনক ধন দিছে। এছআইটিৰ ওচৰত বৈশ্য আৰু বৰাই এই বিষযে বিতং তথ্য সদৰী কৰিছে। এছআইটিয়ে দেখিছে নিৰ্দিষ্ট কোনো ব্যক্তিক জুবিনে নিয়মিতভাৱে ধন দিয়া নাই। বিভিন্নজনে বিভিন্ন সময়ত বৰা আৰু বৈশ্যৰ জৰিয়তে জুবিনৰ ধন লাভ কৰিছিল।
১৪ দিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত অহা ১৪ অক্টোবৰত শ্যামকানু আৰু সিদ্ধাৰ্থক চিআইডিয়ে আদালতত হাজিৰ কৰাব। সেই সময়ত আৰক্ষীয়ে গাঁঠি দিব লাগিব শ্যামকানু আৰু সিদ্ধাৰ্থ সংক্ৰান্তত বিভিন্নজনে দিয়া বিবৃতিৰ প্ৰতিলিপি। এছআইটিৰ মতে সিদ্ধাৰ্থ আচলতে কেনেকুৱা আছিল সেয়া জানিবলৈ জুবিনৰ সৈতে গীত গোৱা বিভিন্নজনক জেৰাৰ বাবে মতা হৈছে। জুবিনৰ মোবাইল ফোনত বিভিন্ন তথ্য উদ্ধাৰ কৰিছে এছআইটিয়ে। ছিংগাপুৰত যোৱাৰ আগে-পিছে জুবিনে কাক কাক মেছেজ দিছিল সেই তথ্যও পোৱা গৈছে। এই তথ্যৰ ভিত্তিত বিভিন্নজনক জেৰা কৰা হৈছে। জেৰাৰ বাবে এছআইটিয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনকো মাতিছে। সেইকেইজনে আজি ছিংগাপুৰৰ ভাৰতীয় দূতাবাসত উপস্থিত হৈ উচ্চায়ুক্তক নিজৰ স্থিতি স্পষ্ট কৰাৰ কথা। এছআইটিৰ উচ্চস্তৰীয় সূত্ৰ মতে প্ৰবাসী ভাৰতীয়কেইজনে জেৰাৰ বাবে এছআইটিৰ সন্মুখীন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাছপ’ৰ্ট ৰদ কৰাৰ চিন্তা-চৰ্চাও কৰিছে ৰাজ্য চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

March 29, 2026
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!
প্ৰযুক্তি

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

March 29, 2026
Next Post
দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.