সহস্ৰাধিক গুণমুগ্ধৰ ভিৰ থেলি ঘৰমূৱা হৈছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ
কাহিলীপাৰাৰ বাসগৃহলৈ জুবিন গাৰ্গৰ শেষ যাত্ৰা৷
জনসমূদ্ৰৰ মাজেৰে বিমান বন্দৰৰ পৰা বাসগৃহলৈ শেষ যাত্ৰা জনতাৰ শিল্পী জুবিনৰ নশ্বৰ দেহৰ৷
বাটে বাটে ফুল সিঁচি বিমানবন্দৰৰ পৰা ওলিয়াই নিয়া হ’ল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷
প্ৰিয় শিল্পীক শেষবাৰৰ বাবে চাবলৈ বাটে বাটে ৰৈ আছে অজস্ত্ৰ অনুৰাগী৷
জুবিনৰ পাৰ্শ্বিৱ শৰীৰ কঢ়িওৱা বাহনৰ পিছে পিছে খোজেৰেই আগুৱাইছে হাজাৰ হাজাৰ গুণমুগ্ধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















