ডিজিটেল ডেস্কঃ জুবিন গাৰ্গক ভগৱানৰো ওপৰত বুলি গণ্য কৰা সকলেই হয়তো এনে কাম কেতিয়াও কৰি পোৱা নাই! ‘জুবিন দাৰ বাবে মৰিবলৈ সাজু আছো’ বুলি চিঞৰি থকা অতিভক্ত সকলেও হয়তো কেতিয়াও এনে কথা চিন্তা কৰা নাই! এগৰাকী ভালপোৱা মানুহৰ বাবে আনক দেখুৱাই কিবা কৰাতকৈ একান্তভাৱে হৃদয়ৰ পৰা নীৰৱে কিমানখিনি কৰিব পাৰি, সেই কথা হয়তো বাদ্যযন্ত্ৰী শিল্পী ৰাজু বৰুৱাই ভালকৈয়ে বুজে।
কেইবাটাও দশক ধৰি জুবিনৰ সৈতে প্ৰতিখন মঞ্চ আৰু প্ৰায়বোৰ ছুপাৰহিট গীতত বাদ্য সংগত কৰা ৰাজু বৰুৱাক হয়তো অসমবাসীক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। দীঘল চুলিটাৰি আৰু মুখত এটি মিঠা হাঁহি লৈ জুবিনৰ সৈতে সুৰৰ লহৰ তোলা অমায়িক ৰাজু বৰুৱাৰ এই কথা গম পালে আপোনাৰ এই শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা আৰু বৃদ্ধি পাব।
ৰাজু বৰুৱাই আধ্যাত্মিকতাক অতিপাত বিশ্বাস কৰে। প্ৰতিদিনেই তেওঁ ঈশ্বৰৰ আৰাধনা কৰে। নেদেখাজনৰ ওচৰত যেতিয়াই ৰাজু বৰুৱাই বন্তি জ্বলায়, তেতিয়া দুগছকৈ বন্তি প্ৰজ্বলন কৰে শিল্পীগৰাকীয়ে। তাৰে এগছি নিজ পৰিয়ালৰ বাবে আৰু আনটো গছি বন্তি জুবিন গাৰ্গৰ বাবে জ্বলায় শিল্পীগৰাকীয়ে।
শেহতীয়াকৈ এটা সাক্ষাতকাৰত এই কথা পোহৰলৈ আহিছে। ৰাজু বৰুৱাৰ এগৰাকী সহশিল্পীয়ে এই কথা ৰাজহুৱা কৰিছে। বছৰ বছৰ ধৰি ৰাজু বৰুৱাই জুবিন গাৰ্গৰ মংগল কামনাৰে ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাই আহিছে। সেই কথা নিজে আজিলৈকে কতোঁৱে প্ৰকাশ কৰা নাই। এই কথা আজিলৈকে জুবিন গাৰ্গকো কোৱা নাই ৰাজু বৰুৱাই।
জুবিন গাৰ্গক কি পৰ্যায়ত ভাল পালে এগৰাকী সহশিল্পীয়ে এনে কাম কৰিব পাৰে, সেই কথা বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাজু বৰুৱাৰ এই মহান কামটোৰ বিষয়ে ৰাজহুৱা হোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত সকলোৱে প্ৰশংসাৰে উপচাই দিছে শিল্পীগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ