অসমেই নহয় হাৰ্টথ্ৰৱৰ মৃত্যু ভাৰতৰ সংগীত জগতৰ বাবেই অপূৰণীয় ক্ষতি৷ জুবিনৰ হামিং জানো অইন কোনোবাই দিব পাৰে? জুবিনৰ স্থান জানো অসমবাসীৰ মনত অইন কোনোবাই পূৰণ কৰিব পাৰে? জুবিন একক, জুবিন অনন্য, জুবিন অসমৰ সম্পদ, জুবিন এক অনুষ্ঠান৷ সেই জুবিনেই ছিংগাপুৰৰ পৰা পৃথিৱীক চিৰবিদায় জনালে৷ স্কুৱা ডাইভিং কৰিবলৈ গৈ জীৱন শেষ হ’ল অসম সম্পদ জুবিনৰ৷ সমুদ্ৰৰ পৰা তেওঁক দ্ৰুত উদ্ধাৰ কৰা হৈছিল যদিও জীৱন বচাব পৰা নগল জুবিনৰ৷
নৰ্থ ইষ্ট ফেষ্টিভেলত যোগ দিবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ৷ শুকুৰবাৰে তেওঁ পাৰফৰ্ম কৰাৰো কথা আছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২ বছৰ৷ স্কুবা ডাইভিঙত গৈ জুবিনৰ মৃত্যু হোৱাৰ খবৰ পোৱা মাত্ৰকেই ফাটি পৰিছে জুবিনৰ অনুৰাগীমহল৷ এজন চিজাৰ এটেক অহা মানুহক কিয় স্কুবা ডাইভিং কৰিবলৈ দিয়া হৈছিল সেই প্ৰশ্নও কৰিছে অনুৰাগীয়ে৷ ইয়াৰোপৰি বেমাৰী মানুহ এজনক ইমান দূৰলৈকে অনুষ্ঠানৰ বাবে লৈ যোৱা বিষয়টোক লৈয়ো আপত্তি কৰিছে বহুজনে৷
স্কুবা ডাইভিং কি?
পাহাৰত স্কিইং, স্নোবোৰ্ডিং, মাউণ্টেন বাইকিং, ৰক ক্লাইম্বিং অথৱা পেৰাগ্লাইডিঙৰ দৰে বহু এডভেঞ্চাৰ এক্টিভিটি কৰিব পাৰি৷ হিমাচল, উত্তৰাখণ্ড আৰু দক্ষিণৰ বহু স্থানত এইসমূহ এডভেঞ্চাৰ খুবেই বিখ্যাত৷ অৱশ্যে বহু কম লোকেহে স্কুবা ডাইভিং কৰিবলৈ সাহস কৰে৷
স্কুবা ডাইভিং হৈছে পানীৰ তলৰ ডাইভিঙৰ এক অনন্য পদ্ধতি৷ এই ডাইভিঙৰ সময়ত ডুবাৰুৱে পানীৰ তলত শ্বাস প্ৰশ্বাসৰ বাবে অক্সিজেন টেংক পিঠিত বান্ধি ডুব দিয়ে৷ স্কুবা ডাইভিঙত যাতে শ্বাস প্ৰশ্বাসত কষ্ট নহয় তাৰবাবে অক্সিজেন মাস্ক লগোৱা হয়৷ দীৰ্ঘ সময় ধৰি পানীৰ তলত থাকি পানীৰ তলৰ বিভিন্ন জীৱ পৰিদৰ্শন কৰা হয়৷
স্কুবা ডাইভিঙৰ পূৰ্বে কি কৰা উচিত?
আপুনি যদি স্কুবা ডাইভিঙৰ কথা ভাৱে তেন্তে ডাইভিঙৰ পূৰ্বে ভালধৰণে বিশ্ৰাম ল’বলৈ নাপাহৰিব৷ ক্লান্ত হৈ স্কুবা ডাইভিং কৰিলে শৰীৰত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে৷ তদুপতি স্কুবা ডাইভিঙৰ পূৰ্বে মদ্যপান কৰাও উচিত নহয়৷ ডাইভিঙৰ পূৰ্বে সমুদ্ৰৰ গভীৰতা আৰু গতিবিধি জনাটো খুবেই প্ৰয়োজন৷ সেয়ে এগৰাকী স্থানীয় গাইডৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী৷ স্কুহা ডাইভিঙৰ সময়ত এজন ডুবাৰু সদায়ে লগত থাকে৷ যদি শ্বাসকষ্ট বা হৃদৰোগৰ সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে স্কুবা ডাইভিং কৰাটো ভুল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















