অসম লাইভ ২৪ঃ ‘ইউক্লিপ্টাছ’৷ সুউচ্চ ইউক্লিপ্টাছ৷ ইউক্লিপ্টাছ গছৰ দৰেই সুউচ্চ হ’ব খোজা জুবিন গাৰ্গে লিখি উলিয়াব আত্মজীৱনী৷ আত্মজীৱনীখনৰ নাম হ’ব ‘ইউক্লিপ্টাছ’৷ সংগ্ৰামৰ বিপৰীতে কি দৰে সংগীতৰ জগতত এটি ফৰিংফুটা জোনাক হৈ জিকিছে সেই সন্দৰ্ভত জুবিন গাৰ্গে উল্লেখ কৰিব আত্মজীৱনীত৷ ইতিমধ্যে ৫০ টা বসন্ত অতিক্ৰম কৰা হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে তেওঁৰ আগন্তুক জন্মদিনত মুকলি কৰিব ‘ইউক্লিপ্টাছ’৷ শুকুৰবাৰে অসম গ্ৰন্থমেলাৰ বাকৰিত এই কথা সদৰী কৰে কণ্ঠশিল্পীগৰাকীয়ে৷ প্ৰিয় শিল্পীগৰাকীৰ আত্মজীৱনীক লৈ এতিয়া কৌতুহলী অনুৰাগী৷ কি থাকিব ‘ইউক্লিপ্টাছ’ত?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ