মানি ল’ব নোৱৰা সেই সত্য৷ জুবিন গাৰ্গ আৰু নাই৷ কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি ছিংগাপুৰত শেষনিশ্বাস ত্যাগ কৰিলে জুবিনে৷ ছিংগাপুৰৰ এখন বিশেষ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে জুবিন গাৰ্গে৷ ইতিমধ্যে জুবিনৰ নশ্বৰ দেহৰ কাষলৈ উৰা মাৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ৷ সকলো সময়তে ছাঁৰ দৰে লাগি থকা পত্নী গৰিমাই জুবিনৰ শেষ সময়খিনিত কিন্তু তেওঁক আৰু কাষত নাপালে৷ অবিশ্বাস্য সেই খবৰ পোৱা মাত্ৰকেই স্বামীৰ কাষলৈ উৰা মাৰিছে গৰিমা৷
ভাৰতলৈ অৰ্থাৎ অসমলৈ লৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ৷ ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সকলো ৰাজনৈতিক মিটিং কেনছেল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ হাৰ্টথ্ৰৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সকলো ৰাজনৈতিক কাৰ্যকলাপ বাদ দি গুৱাহাটীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















