• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

3 years ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

39 minutes ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

2 hours ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

14 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

15 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

15 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

16 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

17 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

17 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

18 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

19 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

editor by editor
March 22, 2023
in অসম, লেখা
0
কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?
0
SHARES
16.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাহিনীবোৰ তেতিয়া আমি শুনিছিলো৷ সৰুতেই আমাক মা, আইতা, জেঠাইহঁতে কাহিনী কৈছিল৷ আমনি কৰিলেই কৈছিল যখিনী আহিব শুই থাক৷ আমাৰ প্ৰত্যেকটা আমনিৰ সৈতে মা, আইতাহঁতে কৈ গৈছিল পৃথক একোটা কাহিনী৷ নিশা শুবলৈ আমনি কৰিলে কৈছিল, পিশাছ আহিব, বিৰা ওলাব, বুঢা ডাঙৰীয়াৰ কাহিনী৷ ক’ত কাহিনী আছিল আইতাহঁতৰ মুখে মুখে! সেই কাহিনীৰ আঁত ধৰিয়েই আমাৰ কল্পনাৰ জগতখন ডাঙৰ হৈছিল৷ আমাৰ কোমল মগজুত সেইবোৰে সাঁচ বহুৱাই ৰৈ গৈছিল৷ বুঢ়া ডাঙৰীয়া বুলিলেই ওখ-পাখ পাগুৰী বন্ধা ধূতি-পাঞ্জাৱী পিন্ধি ঘূৰি ফুৰা ব্যক্তিক আমি কল্পনা কৰি লৈছিলো, তেনেদৰে পিশাছ বুলিলেই ভয় লগা এখন মুখ, যেন কাষত পালেই গোটে গোটেই গিলিব, একেদৰে যখিনী বুলিলেও আউল-বাউল চুলিৰে এগৰাকী নাৰীক আমি কল্পনাত ঠাই দিছিলো৷ কল্পনাৰ জগত আমাৰ প্ৰত্যেকৰে বেলেগ হ’লেও প্ৰায় একেধৰণেই আছিল সেই কল্পনা৷ কিন্তু কোনেও কাৰো কল্পনাক আমি দেখা নাছিলো, কেৱল বৰ্ণনা শুনি অনুধাৱনহে কৰিছিলো৷

বৰ্ণনা শুনিয়েই অনুধাৱন কৰা কথাবোৰৰ প্ৰকাশ্যৰূপ এতিয়া সম্ভৱ কৰি তুলিছে অসময়েই এগৰাকী সুযোগ্য সন্তানে৷ কণ ভূত, পোৱালী ভূত, পিশাছ, যখিনী, বিৰা, বুঢ়াডাঙৰীয়া, বেম্ব ঘোষ্ট, বাক সকলোবোৰেই আমি কল্পনা কৰাধৰণেৰেই আঁকি পেলাইছে যুৱকজনে৷ চিন্ময় বাৰ্মা নামৰ যুৱকজনৰ প্ৰচেষ্টাতেই প্ৰাণ পায় উঠিছে আমাৰ সমাজত যুগে যুগে মুখবাগৰি অহা কেইবাটাও কাহিনী৷ কাহিনীবোৰ কল্পনাৰ জগততেই ৰাখি নথৈ ছবিৰ জৰিয়তে আমাৰ সন্মুখত তুলি ধৰিছে৷ আমাৰ উত্তৰ প্ৰজন্মই কম্পিউটাৰৰ এটা মাত্ৰ ক্লিকতেই দেখিব আইতাৰ মুখত শুনা কাহিনীৰ চৰিত্ৰক৷ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে এই ছবি কাহিনী আকাৰে আমাৰ সন্মুখলৈ লৈ অহাৰ চেষ্টা কৰিছে চিন্ময় বাৰ্মা নামত যুৱকজনে৷

আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে কেনেকৈ এয়া সম্ভৱ?

ভূত এক অন্ধবিশ্বাস হ’লেও অসমীয়া সমাজ জীৱনত ভূতৰ কাহিনী এৰাব নোৱাৰা অংগ৷ ক’ত, কেতিয়া, কেনেকৈ এই কাহিনীসমূহ আৰম্ভ হৈছিল সঠিককৈ ক’ব নোৱাৰি৷ কিন্তু এই কাহিনী শুনিয়েই পাৰ হৈছে আমাৰ শৈশৱ৷ চিন্ময় বাৰ্মা নামৰ যুৱকজনৰ ক্ষেত্ৰতো একেই আছিল কথাবোৰ৷ তেওঁৰ শৈশৱতো কাহিনীবোৰ মাক, জেঠায়েকহঁতে কৈছিল৷ আমনি কৰিলেই ভয় খুৱাইছিল কণ ভূতে ধৰিব, সৌৱা, সেইবাটেৰেই বুঢ়াডাঙৰীয়া আহিব৷ সেই কথাবোৰে ক’ব নোৱাৰাকৈ অৱচেতন মনত কথাবোৰ ৰৈ গৈছিল৷ সেই ৰৈ যোৱা ভূতৰ কাহিনীয়ে খেদি ফুৰিছিল চিন্ময়ক৷

এই কল্পনাক ছবিৰ ৰূপ কেনেবাকৈ দিব পাৰি নেকি? তেওঁ কল্পনা কৰাৰ ধৰণেৰেই পিশাছ, যখিনী, কণভূত অন্য লোকেও কল্পনা কৰেনে? কিন্তু নিজা কল্পনাক বুজাবৰ বাবেওতো কেৱল বৰ্ণনাই যথেষ্ট নহয় তাৰ বাবে প্ৰতিকী ৰূপ বা ছবিৰো প্ৰয়োজনবোধ কৰিবলৈ আৰম্ভ কৰিছিল চিন্ময়ে৷ সেই যে প্ৰবল ইচ্ছাবোধ, এই ইচ্ছাবোধৰ বাবেই চিন্ময়ে এই ছবিসমূহ পোনতে আঁকিবলৈ চেষ্টা কৰে৷ কিন্তু কাগজে কলমে অঁকা ছবিয়ে সন্তুষ্টি দিব নোৱাৰিলে৷ পাছলৈ এই ছবিসমূহ কেনেকৈ তুলি ধৰিব পাৰি সেই বিষয়ত পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰে চিন্ময়ে৷ প্ৰযুক্তিৰ ক্ষেত্ৰখনত সংযোজিত এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আঁকি উলিয়াইছে ছবিকেইখন৷ ছবিকেইখনে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ অসমৰ কথিত কাহিনীবোৰক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডিজিটেল মাধ্যমেৰে তুলি ধৰা চিন্ময় এতিয়া সকলোতে চৰ্চাৰ কেন্দ্ৰ৷

ছবি সন্দৰ্ভত চিন্ময়ে কি কয়?

চিন্ময়ে প্রথমেই ছবি বিষয়ক লৈ কেৰিয়াৰ আৰম্ভ কৰাৰ কথা ভৱা নাছিল৷ নলবাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰ চিন্ময়ে মেট্ৰিকত লাভ কৰিছিল স্থান৷ পাছলৈ কটন কলেজৰ মেধাৱী ছাত্ৰ চিন্ময়ে মেকানিকেল ইঞ্জিনীয়াৰ বিষয়ত ডিগ্ৰী কৰি দিল্লীলৈ ৰাওনা হয়৷ উদ্দেশ্য এটাই ইঞ্জিনীয়াৰৰ ডিগ্ৰী আছেই যেতিয়া কোনো বহুজাতিক কোম্পানীত কাম কৰিব৷ দিল্লীলৈ গৈ কৰ্মত মনোনিৱেশ কৰাৰ সলনি মন ঢাল খালে চিনেমাৰ দিশতহে৷ চিনেমা নিৰ্মাণ কৰাৰ কাম কৰিবলৈ হেঁপাহ জাগিল৷ ভৱামতেই দুই এখন চিনেমাৰ কামো কৰিলে৷ কিন্তু তাতো সন্তুষ্টি নাছিল৷ ব্যক্তিগত স্বচ্ছল জীৱনৰ কল্পনাতকৈ মনত তেতিয়াও অসমৰ বাবে বিশেষ কিবা এটা কৰাৰ হেঁপাহ৷ কিন্তু কৰিব কি?

তেনেতেই চিন্ময়ে পঢ়িবলৈ পালে আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ কথা৷ কৃত্ৰিম বুদ্ধিমত্তাৰেই জটিল কাম কেনেদৰে নিমিষতেই কৰিব পাৰি সেই কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ আগ্ৰহেৰেই এই বিষয়ে পঢ়া-শুনা কৰি অৱশেষত চিন্ময়ে ভাৱি উলিয়ালে তাহানিতেই, শৈশৱত শুনি যোৱা সেই কাহিনীৰ ভূতকেইটাৰ কথা৷ চিন্ময়ে এই সন্দৰ্ভত কয়, ‘মোৰ মনত কৰোবাত সৰুতে শুনা ভূতৰ কাহিনীবোৰ ৰৈ আছিল৷ কল্পনাৰ ভূতবোৰকেই মই সেয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে ন’ ৰূপ দিয়াৰ যত্নহে কৰিছো৷ অসমৰ এই কথিত কাহিনীবোৰ ছবিৰ আকাৰে তুলি ধৰিব পাৰি মই অত্যন্ত সুখী৷ আমাৰ মুখে মুখে বাগৰি থকা এই কাহিনী এতিয়া বিশ্বৰ বহুতেই ছবিৰ জৰিয়তে জানিবলৈ পাব৷ কেৱল ভূতেই নহয় এনে বহু বিষয় আছে যিসমূহ আমাৰ কল্পনা আৰু মুখে মুখেই ৰৈ গৈছে৷ এইসমূহো মই তুলি ধৰিবলৈ যত্ন কৰিম৷’

এই নতুন চিন্তাধাৰাই অসমৰ সমাজ জীৱনৰ হেৰাই যোৱা বহু কাহিনীক তুলি ধৰিব, ছবিৰ আকাৰে উত্তৰ প্ৰজন্মই কাহিনীসমূহ জানিব বুলি আশাবাদী হৈ পৰিছে চিন্ময় বাৰ্মাও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?
জীৱনশৈলী

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ৬ ৰাশিক ভাগ্যই কৰিব সহায়, জানক দৈনিক ৰাশিফল

May 25, 2026
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
Next Post
শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?

শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?

কাৰাগাৰলৈ যাব ৰাহুল গান্ধী! নৰেন্দ্ৰ মোদীৰ পদবীক লৈ আপত্তিকৰ মন্তব্যৰ বাবেই দোষী সাব্যস্ত

কাৰাগাৰলৈ যাব ৰাহুল গান্ধী! নৰেন্দ্ৰ মোদীৰ পদবীক লৈ আপত্তিকৰ মন্তব্যৰ বাবেই দোষী সাব্যস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.