অসম লাইভ২৪ঃ কুন্নো ৰাষ্ট্ৰীয় উদ্যানত আকৌ মৃত্যু এটা চিতাৰ৷ এটাৰ পাছত আনটো চিতাৰ মৃত্যু হৈছে কুন্নো ৰাষ্ট্ৰীয় উদ্যানত৷ এক সপ্তাহৰ ভিতৰতেই দ্বিতীয়টো চিতাৰ মৃত্যু ঘটিছে উদ্যানখনত৷ বিগত ৫মাহৰ ভিতৰত ৮টা চিতাৰ ইতিমধ্যে মৃত্যু ঘটিছে৷
ৰাষ্ট্ৰীয় উদ্যানখনত শুকুৰবাৰে পুৱাই সুৰজ নামৰ চিতাটোক মৃত্য অৱস্থাত পোৱা গৈছে৷ আজি পুৱাৰ ভাগত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে চিতাটো৷ বৰ্তমানলৈকে ৫টা চিতা আৰু ৩টা চিতাৰ পোৱালী মৃত অৱস্থাত পোৱা গৈছে৷ শেহতীয়াকৈ আজি মৃত্যুৰ সাবটা সুৰজ নামৰ চিতাটোৰ পোষ্টমৰ্টেমৰ পাছতহে মৃত্যুৰ কাৰণ নিশ্চিত হ’ব বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷
উল্লেখ্য যে, দুদিন পূৰ্বেই তেজছ নামৰ আন এটা চিতা মৃত অৱস্থাত উদ্ধাৰ হৈছিল৷ তেজছৰ মৃত্যু হৈছিল আন এটা চিতাৰ সৈতে হোৱা যুদ্ধত৷ তেজছে আনটো চিতাৰ সৈতে যুদ্ধত অত্যাধিক পৰিমানে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাবটি লয়৷ পোষ্টমৰ্টেম ৰিপৰ্টত তেজছৰ মৃত্যুৰ কাৰণ যুদ্ধত পোৱা আঘাতৰ ফলতেই হৈছিল বুলি পোৱা গৈছে৷ এটাৰ পাছত আনটো চিতাৰ মৃত্যুক লৈ চিন্তিতও হৈ পৰিছে কুনো পাৰ্কৰ দায়িত্বত থকা লোকসকল৷
এতিয়া পাৰ্কত কেইটা চিতা আছে?
২০২২ বৰ্ষৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত নামিবীয়াৰ পৰা অনা হৈছিল ৮টাকৈ চিতা বাঘ৷ তাৰপিছতেই ১৮ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা আনিছিল মোদী চৰকাৰে৷ কুনোলৈ মোদীয়ে মুঠ ২০টা চিতা আনিছিল৷ বৰ্তমানলৈ এই চিতাকেইটাৰ ভিতৰত ৮টা চিতাই মৃত্যুক সাবটি লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ