• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

6 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

21 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

58 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি

editor by editor
June 30, 2020
in লেখা
0
অলপ অশ্ৰু, অলপ হাঁহি বুকুত বান্ধি
166
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

“Be the Reason someone smiles. Be the reason Someone feels loved and believes in Goodness of people। – Roy T. Bennett”

 

ডাঃ গায়ত্ৰী গগৈ

মই মানুহক ভাল পাব পৰাকৈ এখন অনুভৱী হৃদয় আৰু মানুহৰ মনত আস্থা জন্মাব পৰাকৈ এক সামান্য কামো যদি কৰিছো তাকেই জীৱনৰ সফলতা বুলি ভাবিম। জীৱনৰ চৰমতম প্ৰাপ্তি অথবা সৰ্বোত্তম সুখ বুলি ক’লে কি হয়তো কোনেও ভাষা শব্দ বা বৰ্ণৰে বুজাব নোৱাৰিব। কোনোবাই যদি দুৰ্ভাগ্যই চেপি ধৰা এগৰাকী মানুহৰ ওঁঠত এচেৰেঙা সামান্য হাঁহি আঁকি দিবলৈ সক্ষম হৈছে বা দুদিন ভোকত কলমলাই থকা শিশুৰ আগত এমুঠি অন্ন দিব পৰিছে, অথচ এনে এটা সামান্য কামেও এজন মানুহক  এক বুজাব নোৱাৰা শান্তি দিব পাৰে। এই অনুভূতি পৱিত্ৰ, স্বৰ্গীয় আৰু তুলনা বিহীন।

কোভিড ১৯ ভাইৰাছৰ মহামাৰীয়ে পৃথিৱীত অভাৱনীয় যন্ত্ৰণা, দুখ-দুৰ্দশা তথা লাখ লাখ মানুহৰ মৃত্যু যজ্ঞৰ যি বাস্তৱ সূচনা কৰিছে তেনে সময়ত সুখ-শান্তি বা হাঁহিৰ কথা আলোচনা কৰাৰ অৱকাশ আছে জানো? হয় মই বিশ্বাস নকৰিলো হয় যদি  আন্ধাৰৰ মাজত ৰৌদ্ৰকামনা কৰা, ধ্বংসৰ মাজত সৃষ্টিৰ প্ৰাৰ্থনা কৰা, হতাশাৰ হুমুনিয়াহৰ মাজত আশাৰ বন্তি জ্বলোৱা এদল ডেকা গাভৰুৰ মাজত মই নাথাকিলোহেঁতেন।

এই অবিস্মৰণীয় যাত্ৰা আৰম্ভ হৈছিল হঠাতে কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ ঠিক তেনেকৈ, যেনেকৈ  কোভিদ মহামাৰীয়ে কোনো আগজাননী নিদিয়াকৈ মানৱ জাতিৰ বাবে আনিলে নিষ্ঠুৰতম পৰিঘটনা আৰু পৰিস্থিতিৰ। ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱটৰ লগত হোৱা সাধাৰণ কথা বাৰ্তাত ওলাল যে কোভিড ১৯ যিহেতু নৱ স্বৰূপৰ সংক্ৰমিত বেমাৰ গতিকে মানুহৰ মাজত বিয়পি পৰাটো ৰোধ কৰাৰ এক ফলপ্ৰসূ উপায় বিচাৰিবলৈ এক নিৰীক্ষণ কৰা যাওক। কথা মতেই কাম, ধেমাজি জিলাৰ উপায়ুক্ত শ্ৰীযুত নৰসিংহ পাৱাৰৰ  লগত আলোচনা কৰি “প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলীয়েটিভ ট্ৰাষ্ট”ৰ সৈতে লোৱা হ’ল এই পাইলট প্ৰজেক্ট। প্ৰথম পৰ্যায়ৰ লক ডাউন আৰম্ভ হৈছে আৰু অসমৰ বাহিৰৰ পৰা অহা লোকসকলৰ বাবে হোম কোৱাৰেণ্টীন‌ ব্যৱস্থাৰ আৰম্ভণি আৰু তাৰেই অধ্যয়নৰ বাবে নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ লগতে খৰধৰকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলো। এই প্ৰজেক্টৰ নাম দিয়া হ’ল “কোভিড চেণ্টিনেল প্ৰজেক্ট অফ টেলিমেডিচিন এণ্ড হোম কোৱাৰেন্টীণ মনিটৰিং”। ‘কোভিড চেন্টিনেল’ নামকৰণ কৰিলে ডাঃ ধনঞ্জয়ে। লক্ ডাউন বলৱৎ হৈছে, কোনো ক’তো যাব নোৱাৰে আৰু তাৰোপৰি অতি সংক্ৰামক ৰোগ আৰু কোনো পুঁজি অবিহনে পৰিচালনা কৰিবলগীয়া এক বেলেগ প্ৰকাৰৰ কাম। গতিকে প্ৰথম আলোচনাতে ‌আমি নিশ্চিত আছিলো প্ৰত্যক্ষ মুখামুখি নোহোৱাকৈ প্ৰত্যক্ষ সংযোগ স্হাপনৰ দ্বাৰা হ’ব এই প্ৰশিক্ষণ তথা নিৰীক্ষণ আৰু নিৰীক্ষণ কৰিব স্বেচ্ছাই ভূমিকা ল’ব খোজা ব্যক্তিয়ে। প্ৰতিশ্ৰুতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ব্যক্তিসকল  পান্না ভৰালী, মঞ্জুলা আগৰৱাল, ৱাজিৰ বিন কুটুব, দীপালী শইকীয়া, দেৱাশীষ পূজাৰী, অস্মিতা কলিতা, মৌচুমী গগৈ, পাৰ্থ প্ৰতীম ভূঞা, মুচফী ৰহমান, কৰবী হাজৰিকা, সীমান্ত কোঁৱৰ আদিয়ে একাগ্ৰতাৰে কামত লাগি গ’ল। প্ৰতিশ্ৰুতিৰ চিকিৎসক তথা নাৰ্চ সকলো অৱতীৰ্ণ হ’ল স্বেচ্ছাসেৱকৰ ভূমিকাত, ডাঃ ফোজিয়া চিৰিন হেকিম, ডাঃ সিদ্ধাৰ্থ শৰ্মা, ডাঃ সুকন্যা গগৈ, ডালিমী গগৈ, কবিতা ৰাজৱাৰ, জুনু চুতীয়া ইত্যাদি। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিক্ষিত সচেতন শিক্ষক, ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল- গৃহিণী আদি সকলোৱে স্বেচ্ছাই জড়িত হ’ল এই প্ৰজেক্টত। ধেমাজিত হোম কোৱাৰেণ্টীণত থকা ২২৫৪ জন ব্যক্তিক অডিঅ’ আৰু ভিডিঅ’‌ কলৰ জৰিয়তে ১৪০ জন স্বেচ্ছাসেৱকে ২৯ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ নিৰীক্ষণ কৰি তথ্য প্ৰস্তুত ‌কৰিলে। সেই সয়ছোৱা আছিল আমাৰ বাবে নতুন আৱিষ্কাৰৰ উন্মাদনা, মানুহৰ প্ৰকৃতিৰ, জীৱনৰ বৈচিত্ৰ্যময় পৰিবেশ পৰিস্থিতিৰ  বিষয়ে মাজে মাজে আশ্চৰ্য প্ৰকাশৰ সময়। যাৰ বিৱৰণ এই ক্ষুদ্ৰ লেখাত প্ৰকাশ কৰা সম্ভৱ নহয়। গৃহবন্দী হৈ খাদ্যৰ অভাৱত হাহাকাৰ কৰি থকা মানুহক খাদ্যৰ যোগান, ৰোগীসকলক টেলিমেডিচিনৰ পৰামৰ্শ, লক্ষণ থকা সকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা ইত্যাদি আছিল উল্লেখযোগ্য দিশ। ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ড° শ্ৰুতিধাৰা মহন্ত, ড° সুৰাজিৎ বৰকাকতি, ড° অংকুৰ ভৰালী, ড° প্ৰকল্প ভাগৱতী, বেংক বিষয়া পদুম পোনা বৰুৱা, গোলাঘাটৰ প্ৰনামী গোস্বামী, মৰিগাঁওৰ ড° পৰাগ জ্যোতি মহন্ত, গুৱাহাটীৰ ড° ৰুবী  দাস আৰু কত যে কোন জোনাক কঢ়িওয়া মানু্হ বোৰ সংযোগ হ’ল। সকলো তথ্য বিশ্লেষণ, ফলাফল ভৱিষ্যতে ব্যৱহাৰৰ পৰামৰ্শ  হোম কোৱাৰেণ্টীণৰ নিৰীক্ষণৰ বাবে লিপিৱদ্ধ কৰি  এই প্ৰকল্পৰ ৰিপ’ৰ্ট লগে লগেই ডাঃ ধনঞ্জয়ৰ সহযোগিতাত অসম চৰকাৰলৈ প্ৰেৰণ কৰিলো। লক্ ডাউনৰ সময়ছোৱা আন মানুহৰ আমনি লাগি যোৱা, টোপনি নহাৰ বিপৰীতে মোৰ কৰ্মস্থানত কোভিডৰ চিকিৎসাৰ বাবে প্ৰস্তুতি তথা প্ৰশিক্ষণ পূৰ্ণোদ্যমে চলি থাকিল। কৰ্মস্থানৰ পৰা উভতি আহি ১১-১২ বজালৈ তথ্যবোৰৰ  বিশ্লেষণ আৰু স্বেচ্ছাসেৱকসকলৰ সৈতে অভিজ্ঞতা আৰু সমস্যাৰ বিষয়ে আলোচনাত নিমগ্ন হৈ সময় কেতিয়া গ’ল নাজানিছিলো আৰু তাৰ পাছত টোপনিত ঢলি পৰিছিলো। জড়িত হৈ থকা স্বেচ্ছাসেৱক সকলৰ কামত পৰিস্ফুত হোৱা আনন্দ আৰু বিপদত পৰা মানুহক সহায় কৰি পোৱা সন্তুষ্টি তেওঁলোকৰ কথাত  প্ৰকাশ পাইছিল। আৰু তেনে এক দুৰ্ভাৱনাময় সময়তো মানসিকভাৱে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছিল।

এদিন আকৌ মে’ মাহৰ শেষৰ ফালে গম পালো যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কোভিড চেন্টিনেল প্ৰকল্পৰ দৰে নিৰীক্ষণৰ ব্যৱস্থা কৰিব বিচাৰিছে আৰু ইতিমধ্যেই শ শ মানু্হ হোম কোৱাৰেণ্টীণত সোমাইছে কামৰূপ মেট্ৰ’ত। সেইদিনা আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়ৰ পৰা টেলিফোনিক অনুৰোধ লাভ কৰিলো যে ধেমাজি জিলাত ৰূপায়ন কৰা প্ৰকল্প তেখেতে কামৰূপ মেট্ৰ’ৰ বাবে কৰাটো বিচাৰিছে। যাৰ দ্বাৰা আটাইখিনি মানুহক নিৰীক্ষণ কৰা সম্ভৱ হ’ব। যিহেতু নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়া মই নিৰূপণ কৰিছিলো গতিকে মোক বিশেষ ভূমিকা লৈ কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনালে আৰু ডাঃ ধনঞ্জয় অৱশ্যে থাকিবই। এই বৃহৎ কাম কেনেকৈ কৰিম নভবাকৈয়ে  আকৌ প্ৰস্তুতি আৰম্ভ হ’ল আৰু আজিলৈকে ৭৬ খন ৱেবিনাৰ বা ইণ্টাৰনেট মীটিঙৰ যোগেদি প্ৰশিক্ষণ আৰু প্ৰতিদিনৰ সমস্যা সমূহৰ আলোচনা আৰু সমাধানৰ কামৰ অন্তহীন প্ৰক্ৰিয়া। সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মূলত ডেকা গাভৰুৰ আগমন ঘটিল স্বেচ্ছসেৱক ৰূপে। ইতিমধ্যে অসম আৰক্ষীৰ ৱেবচাইটত আগ্ৰহ দেখুওৱা সকলক  প্ৰতিশ্ৰুতিৰ যোগেদি প্ৰশিক্ষণ হ’ল আৰু ২৭ মে’ ৰ পৰা কামৰূপ মহানগৰ জিলাৰ হোম কোৱাৰেণ্টীণত থকা সকলৰ নিৰীক্ষণৰ প্ৰাৰম্ভণি ঘটিল।  এই দলটোৰ সীমাহীন উৎসাহ, অক্লান্ত মনোভাৱ, সেৱাৰ দৃষ্টিভঙ্গীৰে এক টকাও লাভ নকৰাকৈ সম্পূৰ্ণ কৰিলে ১৪ হাজাৰ জন লোকৰ নিৰীক্ষণ, সামাজিক দূৰত্বৰ প্ৰশিক্ষণ তথা সহায় সহযোগিতা। প্ৰতিশ্ৰুতিৰ সৈতে তথ্য প্ৰযুক্তিৰ দলত সংযুক্ত হ’ল ধন্টু বুঢ়াগোহাঁই, গীতাৰ্থী গগৈ বিশাল কুমাৰ সোনাৰ, মানৱ সম্পদত বিশেষ ভূমিকাত যুক্ত হ’ল জয়শ্ৰী গগৈ, সংঘমিত্ৰা কাশ্যপ আৰু ৰুণজ্যোতি হাজৰিকা। তথ্য আৰু সংবাদৰ দায়িত্ব ল’লে জুতিকা নাথে।

কামৰূপ মেট্ৰ’ৰ অপৰাধ শাখাৰ আয়ুক্ত বৰুণ পুৰকায়াস্থ এই কামৰ বাবে বিশেষ দায়িত্বত আছে আৰু তেওঁ প্ৰতিটো দিনৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰি আহিছে।

এই নিৰীক্ষণ ব্যৱস্থাৰ সমান্তৰালকৈ অসম আৰক্ষীয়ে ব্যৱস্থা কৰিলে  কোভিড চেন্টিনেল নামৰ জিঅ’ ফেনচিং এপ্ যাৰ যোগেদি এজন মানুহৰ গতি-বিধি চাব পাৰি আৰু প্ৰশিক্ষণ আৰু ডাউনলোড ইত্যাদিৰ দায়িত্ব স্বেচ্ছাসেৱকসকলৰ। ধেমাজিত আৰম্ভ হোৱাৰ চিন্তাৰ বাস্তৱ ৰূপ পালে যাৰ স্বপ্নদ্ৰষ্টা আছিল ডাঃ ধনঞ্জয় ঘানাৱট আৰু অৱশ্যে এতিয়া এই এপৰ দায়িত্বত আছে যোগাযোগ শাখাৰ দায়িত্বত থকা আৰক্ষী বিষয়া বিৰাজ দাস। ধেমাজি প্ৰকল্পত স্বেচ্ছাসেৱকৰ অগ্ৰণী ভূমিকা লোৱা লাবণ্য লাহন বাইদেৱৰ পৰা আৰম্ভ কৰি বিজু দত্ত, ৰেৱতী বুঢ়াগোহাঁই, দেৱযানী চিৰিং, আদিতি বৰুৱা, সামান্থা চুতীয়া, মণ্টুজিৎ দত্ত, পিণ্টু দেৱনাথ, মেমন আহমেদ, তীৰ্থ ঠাকুৰী, প্রত্যুস্মান ভট্টাচাৰ্য, শেৱালী চুতীয়াকে ধৰি সকলো স্বেচ্ছাসেৱকে  দুগুণ উদ্যম আৰু গৌৰৱেৰে লাগি থাকিল।

কামৰূপ মেট্ৰ’ত এই প্ৰকল্প আৰম্ভ হোৱা এমাহ‌ পাৰ‌ হৈ গ’ল। আৰম্ভণিৰ পৰা জড়িত হোৱা স্বেচ্ছাসেৱকসকল শ-শ হোম কোৱাৰেণ্টীণত থকা ব্যক্তিৰ লগত কথা পাতি যথেষ্ট অভিজ্ঞ হোৱাৰ পিছত আমি সন্দীপ কাশ্যপ, মৃণাল কান্তি শৰ্মাকে ধৰি প্ৰায় ২০জন টিম লিডাৰ‌ বাছনি কৰি উলিয়ালো যি‌ নতুন স্বেচ্ছাসেৱকসকলক সকলো প্ৰকাৰে সহায় কৰে।

বৰ্তমান এনেকুৱা হৈছে যে নাম নোলালে বা স্বীকৃতি নাপালে কোনেও কোনো কামেই কৰিব নোখোজে। ফটো উঠি ছ’চিয়েল মিডিয়াত প্ৰচাৰ লাভ কৰিবলৈ উঠি পৰি লাগে। কিন্তু এনেকুৱা সময়তো এচাম মানু্হ আছে যি নাম বা স্বীকৃতি লাভ কৰাৰ আশা নাৰাখি সমাজৰ বাবে কাম কৰি আছে। এনেকুৱা পৰিস্থিতি আহে কেতিয়াবা য’ত আমাৰ স্বেচ্ছাসেৱকসকলে আৰ্ত জনৰ দুখত চকুলো টুকিছে আৰু ক’ৰবাত সহায় কৰিবলৈ গৈ নিজৰ টোপনি ক্ষতি কৰি মানসিকভাৱে ভাগি পৰা ব্যক্তিৰ কাষত সাহস হৈ থিয় দিয়ে।

প্ৰথম ঘটনা হৈছে এটা কণমানি ৯ বছৰীয়া শিশুৰ, যি  কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে আহি  হোম  কোৱাৰেণ্টীণত থাকিব লগা হৈছিল। সেই শিশুটোৰ নাম থকা তালিকাখন পৰিছিল স্বেচ্ছাসেৱিকা জিতুস্মিতা বৰ্মনৰ হাতত। মাইবাম আব্দুল ৰহমান নামৰ শিশুটি ভৰ্তি হৈ আছিল বি. বৰুৱা কেন্সাৰ ইনষ্টিটিউটত। শিশুটি যিহেতু মণিপুৰী আছিল আৰু তাৰ হোজা পিতৃয়ে অসমীয়া বা হিন্দী কোনো ভাষা নাজানে। গতিকে জিতুস্মিতাই অন্য এগৰাকী মণিপুৰী স্বেচ্ছাসেৱিকা এলিজাবেথৰ সহায় লৈ পৰিয়ালটোৰ লগত কথা পাতে। কথা পতাৰ পৰৱৰ্তী সময়ত গম পোৱা গ’ল যে স্বাব টেষ্টৰ ফলাফল লাভ নকৰাৰ বাবে  বি. বৰুৱা কেন্সাৰ হাস্পতালত শিশুটোৰ চিকিৎসা আৰম্ভ হোৱা নাছিল। জিতুস্মিতাৰ ইতিমধ্যেই শিশুটিৰ লগত এক আত্মীয়তা গঢ় লৈ উঠিছিল সেই বাবেই তেওঁ সম্পূৰ্ণ চেষ্টা কৰিছিল যাতে কোনো প্ৰকাৰে ফলাফল লাভ কৰিব পাৰে। তাৰ বাবে মোৰ সহযোগত তেওঁ জিলা প্ৰশাসনৰ লগত কথা পাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতো কথা পাতে। কিন্তু স্বাব টেষ্টৰ ফলাফল লাভ নকৰে। শিশুটিৰ স্বাস্থ্যৰ বেছি অৱনতি ঘটাত চিকিৎসকে শিশুটিৰ হাতত বেছি সময় নথকা বুলি কোৱাত  শিশুটিক দেউতাকে ঘৰলৈ অৰ্থাৎ মণিপুৰলৈ  লৈ যায়। আৰু মণিপুৰ যোৱাৰ বাটতে শিশুটিয়ে শেষ নিশ্বাস ত্যাগ কৰে। সেই খবৰ লাভ কৰাৰ পাছতে প্ৰতিশ্ৰুতিৰ প্ৰতিজন সদস্যই দুখত ভাগি পৰে যিহেতু প্ৰথম অৱস্থাৰ পৰাই প্ৰতিজন সদস্যই শিশুটিৰ সুস্বাস্থ্যৰ  বাবে প্ৰাৰ্থনা কৰিছিল। এই ঘটনাৰ বেছি প্ৰভাৱ পৰে জিতুস্মিতা বৰ্মনৰ ওপৰত। কাৰণ কাহানিও লগ নোপোৱা বা নেদেখা এটা শিশুৰ লগত এক সম্পৰ্ক গঢ়ি উঠিছিল তেওঁৰ। যথেষ্ট কষ্টৰ পাছতো একো কৰিব নোৱাৰাৰ দুখত ভাগি পৰিছিল তেওঁ।

অন্য এটা ঘটনা হৈছে ঊষা হৰিজন আৰু তেওঁৰ পৰিয়ালৰ।  দুটি কণমানিৰ সৈতে এটা দুখীয়া পৰিয়াল অসমৰ বাহিৰৰ পৰা আহি হোম কোৱাৰেণ্টীণত আছিল। ঘৰত খাবৰ বাবে একো নোহোৱা হোৱাত তেওঁৰ লগত যোগাযোগ কৰা আমাৰ স্বেচ্ছাসেৱকক বাৰে বাৰে অনুৰোধ কৰিছিল অলপ খাদ্য সামগ্ৰীৰ যোগান ধৰিবলৈ। কিন্তু কিছু অসুবিধাৰ বাবে ৩ দিন ধৰি তেওঁলোকে কোনো সহায় লাভ নকৰাত আমাৰ গুৱাহাটীৰ স্বেচ্ছাসেৱিকা সীমা দেৱী হক আৰু মিছিছিপি হাজৰিকা নিজেই গৈ পৰিয়ালটোক খাদ্য সামগ্ৰী দি আহিছিলগৈ। এনেকুৱা আৰু ঘটনা আছে য’ত আমাৰ স্বেচ্ছাসেৱক তন্ময় দত্ত, ৰুছিকা খাদাৰিয়া আৰু চিনুমনি দত্তকে ধৰি বহু কেইজন স্বেচ্ছাসেৱকে  নিজৰ হাতৰ টকা খৰছ কৰি আৰ্তজনক সহায় কৰিছে।

সীমা দেৱী হক আৰু মিছিছিপি হাজৰিকাই ঊষা হৰিজনৰ পৰিয়ালটোক সহায় কৰাৰ মূহুৰ্তৰ ছবি

প্ৰতিশ্ৰুতিৰ প্ৰতিজন সদস্য একো একোজন যুঁজাৰু। নিজৰ সমস্যা পাহৰি  আনৰ বাবে নামি পৰিছে কৰ’নাৰ যুঁজত। মানৱ সেৱাক সদাই শ্ৰেষ্ঠ ধৰ্ম আখ্যা দিয়া হয়। গতিকে মানৱসেৱাত ব্ৰতী এই স্বেচ্ছাসেৱকসকল এই যুঁজত জয়ী হ’ব আৰু আশা কৰো এই প্ৰকল্প এক আদৰ্শ হৈ ৰ’ব।

( ডাঃ গগৈ কোভিড চেন্টিনেল প্ৰকল্পৰ অবৈতনিক সঞ্চালিকা, কেন্সাৰ গৱেষক,  সহকাৰী অধ্যাপিকা, AMCH )

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: covid 19dr gayatri gogoi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা
শিক্ষা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

April 3, 2026
Next Post
‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

‘শাখা-সেন্দুৰ’ নিপিন্ধা বাবেই বিবাহ বিচ্ছেদ

কি লাগে অসমক?

কি লাগে অসমক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.