অসম লাইভ২৪ঃ এইবাৰো বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ ফাইনেলত স্বপ্নভংগ হ’ল ভাৰতীয় দলৰ। প্ৰথমবাৰ নিউজিলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়া ৮ উইকেটত পৰাস্ত হৈছিল। আকৌ এইবাৰ অষ্ট্ৰেলিয়াৰ ওচৰত ২০৯ ৰানত পৰাস্ত হ’ল ভাৰত। ভাৰতীয় দলৰ পৰাজয়ৰ পাছতেই হতাশ হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল।
বহু ক্ৰিকেট অনুৰাগীয়েই এইবাৰ আশা কৰিছিল ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই দেশলৈ ট্ৰফী কঢ়িয়াই আনিব। কিন্তু সপোন পূৰণ নহ’ল ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ। চতুৰ্থ দিনাৰ খেল চাই বহুতেই ভাৱিছিল যে এইবাৰ ভাৰতে ট্ৰফী আঁজুৰি আনিব পাৰিব। বিৰাট কোহলি আৰু অজিংকা ৰাহানেৰ জুঁটি দেখিয়েই বহুতে সপোন দেখিবলৈ আৰম্ভ কৰিছিল। কিন্তু পঞ্চম দিনাৰ খেল দেখিয়েই সকলোৱে কৈছিল নাই এইবাৰো নোৱাৰিব।
ফাইনেলত প্ৰৱেশ কৰিও দ্বিতীয়বাৰৰ বাবে পৰাস্ত হয় ভাৰত। বিশ্ব টেষ্ট চেম্পিয়নশ্বীপ জিকাৰ সপোন পূৰণ নহ’ল ভাৰতীয় দলৰ। ২০৯ ৰানত বিশ্ব টেষ্ট চেম্পিয়নশ্বীপৰ খিতাপ জয় কৰাৰ সপোন শেষ। দ্বিতীয় ইনিংছত ভাৰত টছত জিকি ভাৰতে অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰিবলৈ দিয়ে। প্রথমে অষ্ট্ৰেলিয়াক বেট ধৰিবলৈ দিয়াটোৱেই বেক ফুটলৈ পঠিয়াই দিয়ে ভাৰতক।
প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াই ভাৰতক লক্ষ্য বান্ধি দিয়ে ৪৬৯ ৰানৰ। ভাৰতে প্ৰথম ইনিংছত লাভ কৰে ২৯৬। দ্বিতীয় ইনিংছত ৮ উইকেট হেৰুৱাই ২৭০ ৰান তুলি ইনিংছ সমাপ্ত কৰে অষ্ট্ৰেলিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ