অসম লাইভ ২৪ঃ আজিৰ পৰা আৰম্ভ হ’ল সংসদৰ বর্ষাকালীন অধিৱেশন। ক’ভিড প্ৰ’টকল মানি অনুষ্ঠিত হৈছে অধিৱেশন। প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় সদনত। অমিত শ্বাসহকে ধৰি কেবাগৰাকীও মন্ত্ৰী-সাংসদ ক’ৰোনা আক্ৰান্ত হোৱাৰ বাবে এইবাৰ সদনত উপস্থিত থাকিব পৰা নাই। চিকিৎসাজনিত আমেৰিকালৈ যোৱাৰ বাবে সদনত উপস্থিত নাই ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। আনহাতে সদনত এইবাৰ নাই প্ৰশ্নকাল। উল্লেখ্য অসমৰ সাংসদ গৌৰৱ গগৈ বিৰোধী উপদলপতিৰূপে সদত উপস্থিত থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ