• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 weeks ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

9 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

49 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

Appleৰ সদ্য বিদায়ী CEO টিম কুকৰ সংগ্ৰামী কাহিনী

editor by editor
September 2, 2026
in নিয়োগ, প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Appleত প্ৰায় ১৫ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পিছত টিম কুকে CEO পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০১১ চনৰ আগষ্ট মাহত তেওঁ Appleৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত Apple-এ প্ৰযুক্তিৰ জগতত নিজৰ স্থান আৰু অধিক শক্তিশালী কৰিবলৈ সক্ষম হয়। টিম কুকক আজি বিশ্বৰ অন্যতম সফল ব্যৱসায়িক নেতা হিচাপে গণ্য কৰা হয়। কিন্তু তেওঁৰ সফলতাৰ আঁৰত থকা সংগ্ৰামৰ কাহিনী বহু লোকেই নাজানে। Appleৰ CEO হোৱাৰ বহু বছৰ আগতেই তেওঁ নিজৰ ভৰিত থিয় হ’বলৈ আৰম্ভ কৰিছিল। আনকি মাত্ৰ ১১ বছৰ বয়সতে ধন উপাৰ্জন কৰিবলৈ কাম আৰম্ভ কৰিছিল টিম কুকে।

১৯৬০ চনত আমেৰিকাৰ আলাবামাত জন্মগ্ৰহণ কৰা টিম কুকে সৰুতেই কামৰ সৈতে পৰিচিত হৈছিল। প্ৰায় ১১ বছৰ বয়সত তেওঁ স্থানীয় বাতৰি কাকত ঘৰে ঘৰে বিলোৱাৰ কাম আৰম্ভ কৰে। তেওঁ ‘Press-Register’ নামৰ স্থানীয় বাতৰি কাকত চাইকেলেৰে ঘৰে ঘৰে বিলাইছিল। কামটোৰ বাবে তেওঁ অতি পুৱাই উঠিব লাগিছিল। সেই সময়ত তেওঁৰ দিনটো আৰম্ভ হৈছিল পুৱা ৩ বজাতে। এটা প’ডকাষ্টত টিম কুকে কৈছিল যে তেওঁৰ বাতৰি কাকত বিতৰণ কৰা অঞ্চলটো যথেষ্ট ডাঙৰ আছিল আৰু সেয়ে তেওঁ চাইকেল ব্যৱহাৰ কৰিছিল। শৈশৱতে আৰম্ভ হোৱা সোনকালে উঠাৰ এই অভ্যাস তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিছিল। পিছলৈ Appleৰ CEO হোৱাৰ পাছতো তেওঁ অতি পুৱাই উঠি ই-মেইল আৰু বাৰ্তা পঢ়াৰ অভ্যাস অব্যাহত ৰাখিছিল।

টিম কুকৰ কৰ্মজীৱন কেৱল বাতৰি কাকত বিলোৱাতে সীমাবদ্ধ নাছিল। প্ৰায় ১৪ বছৰ বয়সতে তেওঁ এখন ফাষ্ট-ফুড ৰেষ্টুৰেণ্টতো কাম কৰিছিল বুলি বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ পিছত তেওঁ কাগজ কল আৰু এলুমিনিয়াম প্লাণ্টতো কাম কৰে। এই অভিজ্ঞতাবোৰে পৰৱৰ্তী সময়ত তেওঁৰ ব্যৱসায়িক জীৱনত যথেষ্ট সহায় কৰিছিল। বিশেষকৈ কাগজ কল আৰু উদ্যোগত কাম কৰাৰ ফলত তেওঁ উৎপাদন, পৰিচালনা আৰু যোগান শৃংখল (Supply Chain) সম্পৰ্কে বাস্তৱ অভিজ্ঞতা লাভ কৰিছিল। এই অভিজ্ঞতাই এপলত তেওঁক সহায় কৰিছিল

টিম কুকে পিছলৈ ঔদ্যোগিক অভিযান্ত্ৰিকী অধ্যয়ন কৰে। তাৰ পিছত IBM আৰু Compaqৰ দৰে ডাঙৰ প্ৰযুক্তি কোম্পানীত কাম কৰি অভিজ্ঞতা আহৰণ কৰে। ১৯৯৮ চনত তেওঁ এপলত যোগদান কৰে। সেই সময়ত এপল বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। টিম কুকৰ উৎপাদন আৰু যোগান শৃংখল সম্পৰ্কীয় অভিজ্ঞতা কোম্পানীটোৰ বাবে বিশেষভাৱে উপযোগী হৈছিল। তেওঁ কোম্পানীটোৰ যোগান ব্যৱস্থা অধিক দক্ষ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰৱৰ্তী সময়ত এপলৰ ভিতৰত তেওঁৰ দায়িত্ব ক্ৰমাৎ বৃদ্ধি পাই যায় আৰু অৱশেষত ২০১১ চনত তেওঁ ষ্টিভ জবছৰ পিছত CEOৰ দায়িত্ব গ্ৰহণ কৰে।

CEO হিচাপে টিম কুকৰ প্ৰায় ১৫ বছৰীয়া যাত্ৰাৰ এতিয়া অন্ত পৰিছে। বিদায়ৰ সময়ত তেওঁ এপলৰ কৰ্মচাৰীসকললৈ এখন আৱেগিক চিঠি লিখি নিজৰ অনুভূতি প্ৰকাশ কৰে। চিঠিখনত তেওঁ কয় যে এপলৰ CEO হিচাপে শেষ দিনটো আহিব বুলি তেওঁ সদায় জানিছিল যদিও সেই মুহূৰ্তটো বাস্তৱত উপস্থিত হোৱাটো তেওঁৰ বাবে বিশ্বাস কৰিবলৈ কঠিন। এপলৰ কৰ্মচাৰীসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কুকে কয় যে তেওঁৰ সফলতাৰ আঁৰত কোম্পানীটোৰ অসাধাৰণ দলটোৰ গুৰুত্বপূৰ্ণ অৱদান আছে। তেওঁৰ মতে, এপলৰ শক্তি কেৱল ইয়াৰ সামগ্ৰী বা ব্যৱসায়িক সফলতাত নহয়, কোম্পানীটোৰ সংস্কৃতি আৰু ইয়াত কাম কৰা মানুহৰ মাজতো নিহিত হৈ আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Apple Companyasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

September 22, 2026
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
Next Post
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.