২৬টাকৈ গোচৰৰ অভিযুক্ত, দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা ‘চুহা’ৰ সন্ধান দিওতালৈ ৫ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল আৰক্ষীয়ে। অৱশেষত সকলোকে হাৰাশাস্তি কৰা ‘চুহা’ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ‘চুহা’ৰ আচল নাম বিবেক পাণ্ডে।
এই ঘটনা মধ্যপ্ৰদেশৰ জব্বলপুৰৰ। আৰক্ষীৰ তথ্য অনুসৰি, জব্বলপুৰৰ বিভিন্ন থানাত বিবেক পাণ্ডেৰ বিৰুদ্ধে মুঠ ২৬টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। এই গোচৰসমূহৰ ভিতৰত হ*ত্যা, হ*ত্যাৰ অপচেষ্টা, আক্ৰমণ আৰু ধন দাবীৰ দৰে গুৰুতৰ অভিযোগো আছে।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি, শেহতীয়াকৈ সংঘটিত এটা হ*ত্যাৰ চেষ্টা গোচৰৰ পিছৰে পৰা বিবেক পাণ্ডে ওৰফে ‘চুহা’ পলাতক হৈ আছিল। চুহাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে জবলপুৰৰ বিভিন্ন সম্ভাৱ্য আত্মগোপন স্থানত অভিযান চলাইছিল। কিন্তু প্ৰতিবাৰেই আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হৈছিল অভিযুক্তজন।
দীৰ্ঘদিন ধৰি পলাতক হৈ থকাৰ লগতে তেওঁৰ বিৰুদ্ধে থকা গুৰুতৰ অপৰাধমূলক গোচৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তেওঁৰ সন্ধানৰ বাবে ৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ইয়াৰ পিছতে আধাৰতল আৰক্ষীয়ে চুহাক বিচাৰি অভিযান অধিক তীব্ৰ কৰি তোলে।
আৰক্ষীৰ ৰেকৰ্ড অনুসৰি, বিবেক পাণ্ডেৰ বিৰুদ্ধে জবলপুৰৰ বিভিন্ন থানাত ২৬টা গোচৰ ৰুজু হৈ আছে। হ*ত্যা আৰু হ*ত্যাৰ চেষ্টাৰ পৰা আৰম্ভ কৰি ছুৰীৰে আঘাত, মাৰপিট, আক্ৰমণ আৰু ধন দাবীলৈকে বিভিন্ন গুৰুতৰ অপৰাধৰ অভিযোগ চুহাৰ বিৰুদ্ধে আছে। বাৰে বাৰে অপৰাধমূলক ঘটনাত নাম জড়িত হোৱাৰ বাবে তেওঁ আৰক্ষীৰ নজৰত আছিল। পলাতক হৈ থকাৰ সময়ছোৱাত আৰক্ষীয়ে তেওঁৰ গতিবিধি আৰু সম্ভাৱ্য আত্মগোপনৰ স্থানৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















