অসম লাইভ ২৪ঃ
জীৱন শৈলীঃ ৰাতি শুবলৈ অসুবিধা হয় নেকি? বহু দেৰিলৈ চকুলৈ টোপনি নাহে নেকি? তেন্তে আপুনি ষ্ট্ৰেছ, এংক্সাইটি বা মানসিক অৱসাদত ভূগিছে। বৰ্তমান সময়ত প্ৰত্যেকজন লোকৰে কৰ্মব্যস্ততা অধিক। গতিকে এনে সময়ত শৰীৰটোক ভাল টোপনিৰ যথেষ্ট প্ৰয়োজন। যাতে দৈনন্দিন কাম-কাজসমূহ সুচাৰুৰূপে সম্পাদন হয়।
কিন্তু, বৰ্তমান সময়ত শাৰীৰিক কষ্ট কম হোৱাৰ ফলত মানুহৰ টোপনিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। শাৰীৰিক পৰিশ্ৰমৰ সলনি অকল মানসিক পৰিশ্ৰম হোৱা লোকসকলৰ মাজত টোপনিৰ সমস্যা অধিক দেখিবলৈ পোৱা যায় বুলি বিভিন্ন বিশেষজ্ঞই কৈ আহিছে। গতিকে ইয়াক নিৰ্মূল কৰাৰ বাবে কেতবোৰ নিয়মাৱলীৰ বিষয়েও স্বাস্থ্যবিদসকলে কৈ আহিছে।
১) যোগাভ্যাস আৰু প্ৰাণায়ামঃ নিশাৰ ভাগত ভাল টোপনিৰ বাবে নিয়মিত যোগাভ্যাস আৰু প্ৰাণায়ামৰ অভ্যাস কৰিব লাগে। ইয়ে শৰীৰ নিৰোগী ৰখাৰ লগতে টোপনিতো প্ৰভাৱ পেলায়। গতিকে প্ৰত্যেক দিনে ৰাতিপুৱা, গধূলি নিয়মিত যোগা আৰু প্ৰাণায়ামৰ অভ্যাস কৰক।
২) খোজকঢ়াঃ ভাল টোপনিৰ ক্ষেত্ৰত ৰাতিপুৱা-গধূলি খোজকঢ়া অভ্যাসে যথেষ্ট সহায় কৰে। ইয়ে শৰীৰৰ মাংসপেশীসমূহ শিথিল কৰি তেজ চলাচলত সহায় কৰে। যাৰফলত নিশা টোপনি অহাত সহায়ক হয়।
৩) খাদ্যঃ খাদ্য আৰু টোপনি একপ্ৰকাৰ এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বৰ্তমান সময়ত প্ৰায়ভাগ মানুহেই ৰাতি দেৰিকৈ খাদ্য গ্ৰহণ কৰে আৰু তাৰপিছত শুবলৈ যায়। যদিও ই আধুনিক জীৱনশৈলীৰ এক প্ৰভাৱ কিন্তু যথেষ্ট অবৈজ্ঞানিক। পুৰণি কালত প্ৰায় মানুহেই সন্ধিয়া ৭ ৰ পৰা ৯ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল আৰু সোনকালে শুই গৈছিল। যিটো যথেষ্ট স্বাস্থ্যসন্মত আছিল আৰু টোপনিও ভালদৰে আহিছিল। গতিকে কিছু পৰিমাণে হ’লেও সময়মতে খাদ্য গ্ৰহণ কৰা অভ্যাসে ভাল টোপনি অহাত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ