অসম লাইভ ২৪ঃ
অসমঃ আজি সকলো শেষ হৈ গ’ল। ঘৰখনত সুখৰ ৰেঙনিয়ে দেখা নিদিওতেই চিৰদিনৰ বাবে অস্ত গ’ল সুখৰ সূৰুজ। ছিপাঝাৰৰ বৰদৌলগুৰিত আজি শোকৰ ছাঁ। নিযুক্তি পত্ৰ আনিবলৈ গৈ আৰু ঘূৰি নাহিল ঘৰখনৰ পুত্ৰ উজ্জল নাথ। নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল উজ্জলৰ প্ৰাণ। ঘৰৰ চোতালত আজি উজ্জলৰ নিঠৰ দেহ। মাতৃৰ বুকু উকা কৰি অজান দেশলৈ যোৱা পুত্ৰক বিচাৰি মাতৃৰ হিয়াভঙা কান্দোন। কোনোদিনেই ঘূৰি নহাৰ বাটেৰে গুচি গ’ল বৰদৌলগুৰিৰ এইগৰাকী উজ্জল নাথ। অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল অতিকৈ মেধাৱী উজ্জল নাথ।
উল্লেখ্য যে, ২৫ মে’ত খানাপাৰাত নিজহাতে নিযুক্তিপত্ৰ গ্ৰহণ কৰিছিল উজ্জল নাথে। কৰ বিভাগৰ কণিষ্ঠ সহায়ক হিচাপে গুৱাহাটীৰ কৰ ভৱনত নিযুক্তি লাভ কৰিছিল মেধাৱী উজ্জলে। নিযুক্তি পত্ৰ হাতত লৈ ঘৰলৈ উভতি অহাৰ পথতেই সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিছিল উজ্জল নাথক। তাৰ পিছত থিতাতে প্ৰাণ হেৰুৱায় যুৱকজনে।
ইয়াৰ পিছতে উজ্জলৰ নিঠৰ দেহৰ কাষত কান্দোনত ভাগি পৰে মাতৃ-ভগ্নী আৰু আন আন আত্মীয়সকল। সৃষ্টি হয় এক অবৰ্ণনীয় পৰিৱেশৰ। অতি অমায়িক উজ্জলক শেষ দেখা কৰিবলৈ আজি ঘৰৰ চোতালত অঞ্চলবাসীৰ ভিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ