অসম লাইভ২৪ঃ ছানিয়া মিৰ্জা আৰু ছোৱেইৱ মালিকৰ সম্পৰ্কক লৈ বিগত কেইবামাহ ধৰি অব্যাহত আছে চৰ্চা। ছোৱেইবৰ এটা বিশেষ কামক লৈ আকৌ আৰম্ভ হৈছে চৰ্চা। এই কামেই প্ৰমাণ কৰিছে আনুষ্ঠানিকভাৱে ছানিয়া-ছোৱেইবৰ বিচ্ছেদ হৈছে। পাকিস্তানৰ ৪১ বছৰীয়া অলৰাউণ্ডাৰ ছোৱেইব ব্যস্ত আচে কানাডাৰ লীগ খেলত। শুকুৰবাৰে ছোৱেইবে তেওঁৰ ইনষ্টাগ্ৰামৰ পৰা ‘হাজবেণ্ড টু এ ছুপাৰৱমেন ছানিয়া মিৰ্জা’ এই পৰিচয় আঁতৰাই দিছে। সেই স্থানতেই ছোৱেইবে লিখিছে, ‘ফাদাৰ টু ৱান ট্ৰু ব্লেছিং’। ছানিয়াৰ নাম আঁতৰাই দিয়াক লৈ এতিয়া সমগ্ৰতে আৰম্ভ হৈছে চৰ্চা। চৰ্চা চলিলেও দুয়োৱে কিন্তু বিষয়টোক লৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। ছোৱেইবেও ইনষ্ট্ৰা প্রফাইলত পৰিচয় সলনিক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই।
কিছুদিন পূৰ্বে ইনষ্টাগ্ৰামৰ পৰা ছোৱেইবৰ সকলো ফটো ডিলিট কৰিছে ছানিয়া মিৰ্জাইয়ো। দুয়োৰে পৰিয়ালৰ এক ঘনিষ্ট সূত্ৰৰ দাবী, ‘ছানিয়া আৰু ছোৱেইব দুজনেই এই বিষয়টোক লৈ একো নকয়। এয়া তেওঁলোকৰ একান্তই ব্যক্তিগত কথা। তেওঁলোকৰ গোপনীয়াতাক সকলোৱে সন্মান কৰাটোৱেই সকলোৰে কাম্য।’
২০২৩ বৰ্ষৰ আৰম্ভণিৰে পৰাই ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ ওলাইছে বিভিন্ন গুজৱ। দুই দেশৰ দুগৰাকী ক্ৰীড়াবিদে একাধিক পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টসমূহেই প্ৰমাণ কৰিছে যে দুয়োৰে সম্পৰ্ক ঠিকে নাই। ছোৱেইবে শেহতীয়াকৈ দিয়া এটা পোষ্টত উল্লেখ কৰিছিল যে, তেওঁলোক দুয়োৱেই পেছাগত কামত পৃথকে পৃথকে থাকে। কৰ্মব্যস্ততাৰ বাবেই একেলগে দুয়োৱে ঈদো পালন কৰিব নোৱাৰিলে। ইফালে এটা পাক চেনেলেও প্ৰকাশ কৰা মতে, ‘তেওঁলোক এতিয়াও পৃথক হোৱা নাই। বিচ্ছেদৰ কথাও দুয়োৱে ভৱা নাই। বৈবাহিক সম্বন্ধত অলপ আচৰপ কাজিয়া থাকেই। ইয়াৰমানেই সম্পৰ্কত যতি পৰা নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















