অসম লাইভ২৪ঃ কুকুৰেও পালে এইবাৰ স্থায়ী পৰিচয় পত্ৰ।
কুকুৰটো কোন দেশৰ কোন ৰাজ্যৰ সকলো তথ্য এতিয়া কেন্দ্ৰৰ হাতত থাকিব।
কুকুৰৰ বাবেও দেশত কৰা হৈছে আধাৰকাৰ্ডৰ ব্যৱস্থা।
মুম্বাই বিমানবন্দৰৰ বাহিৰত থকা সকলো কুকুৰকেই প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড।
কুকুৰসমূহৰ ডিঙিত বান্ধি দিয়া হৈছে আধাৰকাৰ্ড।
ডিঙিত বান্ধি দিয়া কাৰ্ডতেই আছে বিশেষ স্কেনাৰ, কেই স্কেনাৰত স্কেন কৰিলেই কুকুৰটোৰ যাৱতীয় তথ্য পোৱা যাব।
মুম্বাইৰ পৌৰসভাৰ তৰফৰ পৰা পথত থকা কুকুৰসমূহক এই বিশেষ আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে।
কোনো এটা কুকুৰ যদি হেৰাই যায় তেন্তে সহজে বিচাৰি পাবৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত।
প্ৰাথমিকভাৱে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ ১ নম্বৰ টাৰ্মিনেলৰ বাহিৰত ২০টা কুকুৰক প্ৰথমে দিয়া হৈছে পৰিচয়পত্ৰ।
ডিঙিত বেল্টৰ জৰিয়তে বান্ধি দিয়া হৈছে আধাৰ কাৰ্ডখন।
আধাৰ কাৰ্ডখন স্কেন কৰিলেই কুকুৰটো ভেকচিন লোৱা হয়নে নহয় এই তথ্যও পোৱা যাব।
এজন পশু চিকিৎসকৰ আৱেদনৰ ভিত্তিতেই এই সিদ্ধান্ত লৈছে মুম্বাই পৌৰসভাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ