অসম লাইভ২৪ঃ কাইলৈ বিহুৱে গঢ়িব বিশ্ব অভিলেখ৷ গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছৰ আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিব শুকুৰবাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত প্ৰদান কৰিব স্বীকৃতিপত্ৰ৷ ঢুলীয়া-নাচনী, মাষ্টাৰ ট্ৰেইনাৰক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ ৰাজ্যিক কেবিনেটৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিছে সংবাদমেল৷ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ কাইলৈ হ’ব গীনিজ বুকৰ ৰেকৰ্ড৷ সাধাৰণ দৰ্শকৰ বাবে প্ৰৱেশ মুকলি৷ ৰাইজক সৰুসজাইলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ৷ মোদীৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হ’ব বিহু৷ শুকুৰবাৰে প্ৰৱেশপত্ৰ আনিব লাগিব৷
ইপিনে বিহুৱতীক দিয়া হ’ব ২৫ হাজাৰ টকাৰ উপহাৰ৷ প্ৰশিক্ষককো ২৫ হাজাৰ কৈ উপহাৰ দিব চৰকাৰে৷ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ১৪ হাজাৰ টকাৰ প্ৰকল্প মুকলি কৰিব মোদীয়ে৷ ঢোল আৰু বিহু নৃত্যই গঢ়িব অভিলেখ৷ বহুকেইটা ৰে’ল পথ মুকলি কৰিব মোদীয়ে৷ ১৪ এপ্ৰিলৰ দিনটো হ’ব ঐতিহাসিক৷ প্ৰতিটো TV চেনেলতেই হ’ব পোনপটীয়া সম্প্ৰচাৰ৷ পোনপটীয়া সম্প্ৰচাৰত নাথাকিব বিৰতি৷ এইবাৰ ৩০ ব’হাগ লৈকেহে বিহু পাতিব পাৰিব বুলিও প্ৰকাশ মুখ্যমন্ত্ৰীৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ