অসম লাইভ২৪ঃ যৌনতাক লৈ মুক্ত আলোচনা বহুতেই কৰিব নিবিচাৰে। ভাৰতৰ দৰে দেশত এয়া একেবাৰেই কৰিব নোৱাৰি। বহুতেই আলোচনা নকৰিলেও যৌনতাক লৈ সকলোৰে কৌতুহল আছে। সেয়ে এই বিষয় সন্দৰ্ভত জানিবলৈ একমাত্ৰ ভৰষা গুগল। যৌনতা বিষয়ক যাৱতীয় তথ্য গুগলতেই বিচাৰে প্ৰায়সংখ্যকেই। এই ধৰণৰ কি কি তথ্য বিচাৰি গুগল চাৰ্ছ কৰা হয় তাৰ এক তথ্য প্ৰকাশ কৰিছে গুগলে।
যৌনতাক লৈ সৰ্বাধিক গুগলক কৰা প্ৰশ্নটোৱেই হৈছে বিপৰীত সংগী কিমান তৃপ্ত! কি কি লক্ষণ দেখিলে বুজিব পাৰি যে বিপৰীতে থকা সংগী তৃপ্ত। প্ৰায়সংখ্যতেই গুগলত এই তথ্য চাৰ্ছ কৰে। কেনেকৈ সংগীক সুখী কৰিব পৰা যায় আদি বিষয় গুগলত চাৰ্ছ কৰে প্ৰায়সংখ্যক ভাৰতীয়ই।
বহুতৰেই যৌনতাক লৈ সপোন থাকে। সংগী থকা স্বত্ত্বেও বহুতেই অন্য সংগী কল্পনাত ৰাখি ভালপায়। সংগী থকা স্বত্ত্বেও কিয় মন এনেকৈ অন্য নাৰীৰ প্ৰতি দুৰ্বল হৈ পৰে আদি বিষয়ো চাৰ্ছ কৰে একাংশই। ইয়াৰোপৰি যৌন সংক্ৰমণ হ’লে কেনেকৈ নিৰাময় কৰিব আদি বিষয়ো চাৰ্ছ কৰে গুগলে। এনেদৰে গুগলত প্ৰশ্ন উত্থাপন কৰা অধিকাংশই পুৰুষ বুলিও সমীক্ষাত প্ৰকাশ পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ