অসম লাইভ২৪ঃ বেগেৰে পৃথিৱীৰ দিশেৰে আহি আছে গ্ৰহাণু। ঘণ্টাত ৩৫ কিঃমিঃ বেগেৰে পৃথিৱীৰ দিশেৰে আহি আছে গ্ৰহাণু। গ্ৰহাণুক লৈ সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰই। এক সূত্ৰই জনোৱা অনুসৰি পৃথিৱীৰ নিচেই কাষ চাপিব এই গ্ৰহাণুটো। বিজ্ঞানীয়ে এই গ্ৰহাণুটোৰ নাম দিছে ‘এষ্ট্ৰইয়েড ২০২৩ জেডি’।
বেছিভাগ পৃথিৱীমুখী গ্ৰহাণুৰ ক্ষেত্ৰতেই ভূ পৃষ্ঠত আহি পৰাৰ সম্ভাৱনা নাথাকে। কিন্তু ‘এছট্ৰয়েড ২০২৩ জেডি’ৰ ক্ষেত্ৰত কিন্তু এই নিয়মসমূহ প্ৰযোজ্য নহ’ব পাৰে। প্ৰায় ৫২ ফুট দৈৰ্ঘ্যৰ এই গ্ৰহাণুটো যদি আহি পৃথিৱী পৃষ্ঠত পৰে তেন্তে বৃহৎ এক অঘটন হোৱাৰো আশংকা কৰিছে নাছাই।
‘দ্যা স্কাই ডট অৰ্গ’য়ে কোৱা অনুসৰি ‘এষ্ট্ৰইড ২০২৩ জেডি’ গ্ৰহাণুটো প্ৰথমেই দেখা গৈছিল ২০২৩ৰ ৭ মে’ত। এই ধৰণৰ গ্ৰহাণু এটেন গোষ্ঠীভুক্ত। তেওঁলোকৰ মতে গ্ৰহাণুটোৰ মতিগতি বিশেষ সুবিধাজনক নহয়। পৃথিৱীৰ কাষ চাপি অহা এই গ্ৰহাণুক লৈ চিন্তিত হৈ পৰিছে বিজ্ঞানীও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ