অসম লাইভ২৪ঃ চিকিৎসা বিজ্ঞানৰ আন এক বৃহৎ সফলতা। সংলগ্ন হৈ থকা যমজ ভগ্নীক পৃথক কৰিবলৈ সক্ষম হ’ল চিকিৎসক। বুকু আৰু পেটৰ ওপৰৰ অংশত লগ লাগি আছিল দুই ভগ্নী। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ চিকিৎসকৰ দলে সফলভাৱে এই অস্ত্ৰোপছাৰ সম্পন্ন কৰিছে। শিশু অস্ত্ৰোপছাৰ বিভাগৰ মুৰব্বী ডাঃ মীণু বাজপেয়ীয়ে জনোৱা অনুসৰি উত্তৰপ্ৰদেশৰ বৰেলীৰ দীপিকা গুপ্তাই ৪মাহৰ গৰ্ভাৱস্থাত গম পাইছিল যে তেওঁ যমজ সন্তানৰ মাতৃ হ’ব ওলাইছে।
মীনু বাজপেয়ীয়ে লগতে কয় যে, শিশুকেইটিৰ স্বাস্থ্যৰ জটিলতা গৰ্ভাৱস্থাতেই গম পোৱা গৈছিল তাৰপিছতেই স্থানীয়ভাৱে উন্নত চিকিৎসাৰ সুবিধা নথকাত তেওঁক এইমছলৈ যাবলৈ পৰামৰ্শ দিয়া হয়। বিগত বৰ্ষৰ ৭ জুলাইত তেওঁ যমজ কন্যা দুটিৰ জন্ম দিছে। দুয়োগৰাকী কন্যা সন্তানেই বুকু আৰু পেটত লগ লাগি থকাৰ বাবে ৫মাহ ধৰি শিশুকেইটিক ইনটেনছিভ কেয়াৰত ৰখা হয়। কিন্তু শেহতীয়াভাৱে চিকিৎসকে দুই যমজ কন্যাক পৃথক কৰিবলৈ সক্ষম হ’ল। ৯ঘণ্টা ধৰি চলা দীঘলীয়া অস্ত্ৰোপছাৰৰ পাছতেই সফলভাৱে দুই শিশু এতিয়া পৃথক হৈ পৰিছে।
শিশু অস্ত্ৰোপছাৰৰ দায়িত্বত থকা অতিৰিক্ত অধ্যাপক ডাঃ প্ৰবুদ্ধ গোৱালে কয় যে, এয়া অদ্ভুত এক বিসংগতি। কামিহাড়, যকৃত, ডায়েফ্ৰাম আদি সকলোবোৰ একলগ হৈ আছে। দুয়োটা হৃদযন্ত্ৰই ইটোৱে সিটোক স্পৰ্শ কৰি আছিল। দুয়োৰে বয়স ১১ মাহ হোৱাত দুয়োকে পৃথক কৰাত সফল হৈছে চিকিৎসকৰ দলটো বুলিও জনাই চিকিৎসক ডাঃ প্ৰবুদ্ধ গোৱালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ