অসম লাইভ২৪ঃ বিয়ালৈ মাজত মাত্ৰ কেইটামান দিন। চলিত বছৰতেই জীৱনত নতুন ইনিংছ আৰম্ভ কৰিব আম আদমী পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাই। ১৩মে’ত ধুমধামেৰে দিল্লীত পৰিণীতি আৰু ৰাঘৱৰ বাগদান পৰ্ব সম্পন্ন হৈছে। পৰিয়ালৰ উপস্থিতিতেই বাগদান পৰ্ব সম্পন্ন হয় ৰাঘৱ-পৰিণীতিৰ। কিন্তু বিয়া কেতিয়া কৰাব ৰাঘৱ-পৰিণীতিয়ে? এই বিষয়টোক লৈ প্ৰায় সময়তেই চৰ্চাও চলিছে।
ভাইৰেল খবৰ অনুসৰি চলিত মাহৰ অক্টোবৰ মাহত বিবাহপাশত আৱদ্ধ হ’ল ৰাঘৱ-পৰিণীতি। ৰাজস্থানৰ এটা বিলাসবহুল প্ৰাসাদত বিবাহৰ অনুষ্ঠান চলিব ৰাঘৱৰ। আত্মীয় স্বজন তথা বলীউডৰ কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীৰ লগতে আম আদমী পাৰ্টীৰো বহু নেতা উপস্থিত থাকিব পৰিণীতিৰ বিবাহ অনুষ্ঠানত।
ৰাজস্থানত বিবাহৰ অনুষ্ঠান হ’লেও তিনিখন বিশেষ চহৰত দিয়া হ’ব ৰিচিপশ্ব্যন পাৰ্টী। দিল্লীতেই জন্ম ৰাঘৱৰ। সেয়ে দিল্লীতো এটা বিশেষ পাৰ্টীৰ ব্যৱস্থা কৰা হ’ব। বেছিভাগ আত্মীয় স্বজনেই দিল্লীৰ বাসিন্দা সেয়ে ৰাঘৱে দিল্লীতো পাৰ্টীৰ আয়োজন কৰিব। গুৰুগ্ৰামৰ এটা বিলাসবহুল হোটেলত চলিছে বিশেষ আয়োজন। ইতিমধ্যেই গুৰুগ্ৰামৰ ‘দ্যা লীলা এম্বিয়েন্স’ হোটেলত ৰিছিপশ্ব্যন পাৰ্টীৰ আয়োজন কৰা হ’ব। চণ্ডীগড়তো দিয়া হ’ব বিশেষ পাৰ্টী। চণ্ডীগড়ৰ ওপৰিও মুম্বাইতো দিয়া হ’ব বিশেষ ৰিচিপশ্ব্যন পাৰ্টী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















