অসম লাইভ২৪ঃ সুৰা বিক্ৰিৰে অভিলেখ গঢ়িলে উত্তৰপ্ৰদেশে। বিগত কেইবাবছৰ ধৰি যোগীৰাজ্যই সুৰা বিক্ৰিত অভিলেখ গঢ়িছে। ৰাজ্যৰ আৱকাৰী দফতৰৰ পৰিসংখ্যাত প্ৰকাশ পোৱা অনুসৰি উত্তৰ প্ৰদেশত দৈনিক ১০ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰি হয়। সাম্প্ৰতিক এক ৰিপোৰ্টত প্ৰকাশ পোৱা তথ্যই সকলোৰে চকু কঁপালত তুলিছে। ৰিপোৰ্টত প্ৰকাশ পোৱা অনুসৰি বৰ্তমান যোগী ৰাজ্যত দৈনিক প্ৰায় ১১৫ কোটি টকাৰ সুৰা বিক্ৰি হয়।
চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰতিটো জিলাতেই প্ৰতিদিনে গড়ে ২.৫ ৰ পৰা ৩ কোটি টকাৰ সুৰা বিক্ৰি হয়। দুবছৰ পূৰ্বে উত্তৰপ্ৰদেশত দৈনিক বিক্ৰি হৈছিল ৮৫ কোটি টকাৰ সুৰা। তেতিয়াৰে পৰা বৰ্তমানলৈ সুৰা বিক্ৰিৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এই সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ বহুকেইখন জিলাত ১২ ৰ পৰা ১৫ কোটি টকাৰ সুৰা বিক্ৰি হয়। প্ৰয়াগৰাজত দৈনিক ৪.৫ কোটি টকাৰ সুৰা বিক্ৰি হয়। আগ্ৰাত দৈনিক ১২-১৩ কোটি, লক্ষ্নৌত ১০-১২ কোটি, কানপুৰত ৮-১২ কোটি আৰু বাৰাণসীত ৬-৮ কোটি টকাৰ সুৰা বিক্ৰি হয়।
উল্লেখ্য যে উত্তৰপ্ৰদেশত কোনবোৰ সুৰাৰ চাহিদা বেছি সেই সম্পৰ্কেও এক তথ্য প্ৰকাশ পাইছে। বিগত ৩-৪ বছৰ ধৰি উত্তৰপ্ৰদেশৰ সকলো জিলাতেই সুৰা আৰু বিয়েৰ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। আৱকাৰী বিভাগৰ এক তথ্যই প্ৰকাশ কৰা মতে উত্তৰপ্ৰদেশৰ মানুহ আৰ্থিকভাৱে স্বচ্ছল হৈছে।ফলত সুৰা সেৱনৰ প্ৰৱণতাও বাঢ়িছে। ইয়াৰোপৰি ৰাজ্যখনত সুৰাৰ সামাজিক গ্ৰহণযোগ্যতা বাঢ়িছে। কেৱল উৎসৱ পাৰ্বনেই নহয় দৈনিক ক্লান্তি দুৰ কৰিবলৈ বহুতেই সুৰা সেৱনৰ অভ্যাস গঢ়ি তোলা বুলি সমীক্ষাত প্ৰকাশ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















