অসম লাইভ২৪ঃ ৯৫ সংখ্যক অস্কাৰৰ মঞ্চত জিলিকি উঠিছে ভাৰতীয় ছবি৷ তথ্যচিত্ৰ ‘দ্যা এলিফেণ্ট হুইস্পাৰাৰ্ছ’ আৰু মৌলিক গানৰ বিভাগত RRR ছবিৰ ‘নাটু নাটু’য়ে লাভ কৰিছে অস্কাৰ৷ দীৰ্ঘ জল্পনাৰ অন্তত এই সন্মান লাভ কৰিছে ৰাজামৌলিৰ ছবিৰ বিশেষ গীতটিয়ে৷ অস্কাৰ লাভ কৰাকলৈ ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও দিছে বিশেষ মন্তব্য৷
‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ দাবী ‘বিশ্বৰ মঞ্চত ভাৰতীয় ছবিৰ বাবে এয়া সুবৰ্ণ সময়৷ আমাৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ হাতত ধৰিয়েই বিশ্বৰ দৰ্শকৰ কাষ পাইছেগৈ ভাৰতীয় ছবি৷ সেই ৰাস্তাৰেই বাট বুলি RRR-য়ে এই সফলতা লাভ কৰিছে৷ এই সফলতাৰ বাবে RRR লৈ শুভেচ্ছা৷ লগতে ‘দ্যা এলিফেণ্ট হুইস্পাৰাৰ্ছ’ৰ সফলতাক লৈয়ো মই গৰ্বিত৷’ ইয়াৰোপৰি বিবেক অগ্নিহোত্ৰীয়ে কয় যে মনোনয়ন পাইছে দুটি তথ্যচিত্ৰই৷ তাৰ মাজৰেই এখন তথ্যচিত্ৰই সন্মান আঁজুৰি আনিছে৷ এয়া খুবেই গৌৰৱৰ বতৰা৷
উল্লেখ্য যে ‘নাটু নাটু’য়ে অস্কাৰ জয় কৰাটোৱে আঞ্চলিক ছবিলৈ গৌৰৱৰ বাৰ্তা কঢ়িয়াই আনিছে৷ অস্কাৰ আঁজুৰি অনাৰ পাছতেই আঞ্চলিক ছবিৰ ওপৰত দৰ্শকৰ আকৰ্ষণ বৃদ্ধি পাব বুলিও বহুতেই মন্তব্য প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি বিবেক অগ্নিহোত্ৰীয়ে কয়, ‘বাঙালি, মাৰাঠি, পাঞ্জাৱী সকলো ভাষাৰ চিনেমাই বিশ্বৰ দৰবাৰলৈ যাওক৷ বিশ্বৰ মঞ্চত নাম উজলাই তোলক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ