অসম লাইভ ২৪ঃ মোদী চৰকাৰৰ নতুন সংসদ ভৱন নিৰ্মাণৰ পৰিকল্পনাত উচ্চতম ন্যায়ালয়ৰ অনুমোদন। অৱশেষত চেণ্ট্ৰেল ভিষ্টা নিৰ্মাণৰ অনুমতি লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য মোদী চৰকাৰৰ পৰিকল্পনা অনুসৰি নতুন সংসদ ভৱন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱত হস্তক্ষেপ কৰিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে আধাৰশিলা স্থাপনত অনুমতি দিছিল ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে এই ক’ৰোনা কালত আন সকলো উন্নয়নমূলক কাম-কাজ চৰকাৰে বন্ধ ৰাখিছে অথচ কিয় ইমান দৌৰাদৌৰিকৈ নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিব লগা হ’ল? এই নতুন সংসদ ভৱন নিৰ্মাণৰ বাবদ চৰকাৰে ২০ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। এই নতুন সংসদ ভৱনত থাকিব ৮৭৬খন আসনযুক্ত লোকসভা, ৪০০ আসনযুক্ত ৰাজ্যসভা আৰু ১,২২৪ খন আসনযুক্ত চেণ্ট্ৰেল হল। তদুপৰি থাকিব ৫১টা মন্ত্ৰালয়ৰ কাৰ্যালয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ