অসম লাইভ ২৪ঃ ১১ জানুৱাৰীত পিতৃ-মাতৃৰ সুখ লাভ কৰিলে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে। বিগত সোমবাৰে দুপৰীয়া বিৰুষ্কাৰ কোলালৈ আহিল এজনী পৰী। সুখানুভূতিৰে ভৰি পৰিল দুয়োৰে মন। অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলালে দুয়োকে। শীঘ্ৰেই হাস্পতালৰ পৰা ঘৰলৈ উভতিব তিনিও। নতুন অতিথিক লৈ যাব ‘omkar 1973’লৈ। আৰু তাতেই উমলি ডাঙৰ হ’ব কন্যা শিশুটি। এতিয়া সকলোৱে চাব বিচাৰিছে বিৰুষ্কাৰ কন্যা শিশুটি। সকলোৰে মাজত চৰ্চা, কেনেকুৱা হ’ব কন্যা শিশুটি? কি নাম ৰখা হ’ব শিশুটিৰ? আৰু অনুৰাগীৰ চৰ্চাৰ অন্ত পেলাই বিৰুষ্কাই কন্যাৰ নাম প্ৰকাশ কৰিলে। বিৰুষ্কাৰ এই পৰীজনীৰ নাম থ’লে অনভি(ANVI)। অৰ্থাৎ অনুষ্কাৰ পৰা AN আৰু বিৰাটৰ পৰা VI। দুয়োৰে নামৰ আগৰ দুটা আখৰেৰে তেওঁলোকৰ মৰমৰ সন্তানৰ নাম ৰাখিলে অনভি (ANVI)। অৱশ্যে এতিয়ালৈকে কন্যাশিশুটিৰ ফটো প্ৰকাশ কৰা নাই তেওঁলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ